অসম

assam

ETV Bharat / state

নিলাম সম্পন্ন হ’ল ধুবুৰীত জব্দ হোৱা ১১১০ কুইণ্টল চোৰাং চাউলৰ

যোৱা আঠ আগষ্টত ধুবুৰীৰ এইখন এ আৰ ট্ৰেডাৰ্চৰ গুদাম ঘৰত অভিযান চলাই জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে জব্দ কৰিছিল মুঠ ১১৫১ কুইণ্টল চোৰাং চাউল ৷ প্ৰতি কুইণ্টলত নিৰ্ধাৰণ কৰা চাউলৰ মূল্য ২২২৫ টকাকৈ ১১১০ কুইণ্টল চাউলৰ মূল্য হিচাপে আজি চৰকাৰে লাভ কৰিলে মুঠ ২৪ লাখ ৬৯ হাজাৰ ৭৫০ টকা ৷

নিলাম সম্পন্ন হ’ল ধুবুৰীত জব্দ হোৱা ১১১০ কুইণ্টল চোৰাং চাউলৰ

By

Published : Nov 6, 2019, 9:43 PM IST

ধুবুৰী, 6 নৱেম্বৰঃ আজিৰ পৰা তিনিমাহ পূৰ্বে ধুবুৰীত জব্দ হোৱা ১১১০ কুইণ্টল চোৰাং চাউলৰ ৰাজহুৱা নিলাম সম্পন্ন ৷ নিলাম বজাৰৰ পৰা আজি চৰকাৰে লাভ কৰিলে চব্বিশ লক্ষাধিক টকা ৷

যোৱা আঠ আগষ্টত ধুবুৰীৰ এইখন এ আৰ ট্ৰেডাৰ্চৰ গুদাম ঘৰত অভিযান চলাই জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে জব্দ কৰিছিল মুঠ ১১৫১ কুইণ্টল চোৰাং চাউল ৷ অভিযান কালত ৪১ কুইণ্টল ৬১ কিলোগ্ৰাম চাউল ৰাজহুৱা বিতৰণ ব্যৱস্থা তথা সুলভ মূল্যৰ চাউল বুলি নিশ্চিত হৈ জিলা উপায়ুক্তৰ নিৰ্দেশৰ ভিত্তিত যোগান বিভাগে সুলভ মূল্যৰ চাউলখিনি গতাই দিয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাক ৷ আনহাতে বাকী ১১১০ চাউল অবৈধ চোৰাং চাউল বুলি সন্দেহ কৰি ঘটনা সন্দৰ্ভদ এখন গোচৰ ৰুজু কৰে যোগান বিভাগে ৷ সম্প্ৰতি গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি তিনি মাহৰ মূৰত আজি অবৈধ চোৰাং চাউলখিনি ৰাজহুৱা ভাবে নিলাম কৰা হয় ৷ জিলা যোগান বিভাগৰ পৰিদৰ্শক আৰু উপ পৰিদৰ্শকৰ উপস্থিতিত ধুবুৰী চক্ৰ বিষয়া জয় শৰ্মাই নিলাম সম্পন্ন কৰে ৷

ধুবুৰীত জব্দ হোৱা ১১১০ কুইণ্টল চোৰাং চাউলৰ নিলাম

উল্লেখযোগ্য যে, প্ৰতি কুইণ্টলত নিৰ্ধাৰণ কৰা চাউলৰ মূল্য ২২২৫ টকাকৈ ১১১০ কুইণ্টল চাউলৰ মূল্য হিচাপে আজি চৰকাৰে লাভ কৰিলে মুঠ ২৪ লাখ ৬৯ হাজাৰ ৭৫০ টকা ৷ আনহাতে, আশ্বৰ্যজনকভাৱে চাউলখিনি জব্দ কৰাৰ আজি তিনি মাহৰ পিছতো এই চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত জড়িত থকা কোনো লোককে আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ৷

ABOUT THE AUTHOR

...view details