ধুবুৰী,3অক্টোবৰঃ ৰাজ্যৰ চৌদিশে পূজা মণ্ডপত ব্যাপক ব্যস্ততা । পূজা মণ্ডপৰ সমান্তৰালভাবে আৰু প্ৰতিমা নিৰ্মাণত চলিছে চমক সৃষ্টিৰ আঘোষিত প্ৰতিযোগিতা । আধুনিকতাক আদৰি লৈ মণ্ডপ নিৰ্মাণত খৰচ কৰিছে লাখ লাখ টকা । পিছে ইয়াৰ সম্পূৰ্ণ বিপৰীত মেৰুত থাকি আধুনিকতাক প্ৰশ্ৰয় নিদিয়াকৈ প্ৰায় চাৰিশ বছৰ পূৰ্বৰ পৰাই একে নীতি-নিয়মৰ মাজেৰে ধৰ্মক অধিক গুৰুত্ব প্ৰদান কৰিছে এখন পূজা মণ্ডপে ৷ কেৱল কুঁহিলাৰে দুৰ্গা প্ৰতিমা নির্মাণ কৰি থলুৱা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে ধুবুৰীৰ গৌৰীপুৰৰ ঐতিহাসিক ৰাজবাৰী দুৰ্গাপূজাই । বাহিৰৰ আন আন মণ্ডপত অনুষ্ঠিত হোৱা দুৰ্গাপূজাতকৈ সম্পূৰ্ণ পৃথক গৌৰীপুৰৰ ৰাজবাৰীৰ ৰজাদিনীয়া পূজা । ইপিনে আন আন পূজা মণ্ডপত মহাষষ্ঠীৰ দিনাৰ পৰা পূজা কৰা হয় যদিও গৌৰীপুৰৰ ৰাজবাৰীৰ মহমায়া দুৰ্গা মন্দিৰত মহালয়াৰ পিছদিনাৰে পৰাই আৰম্ভ হয় দুৰ্গাপূজা । সেইমতে বৃহস্পতিবাৰে পঞ্চমীৰ দিনা ধৰ্মীয় পৰম্পৰা অনুসৰি পূজা অৰ্চনা আৰু বলিপ্ৰথা চলে মহমায়া দুৰ্গা মন্দিৰত । পিছে আন আন পূজাতকৈ কিয় আৰু কেনেকৈ পৃথক গৌৰীপুৰৰ ৰাজবাৰীৰ পূজা। শুনক কি কলে গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ মুখেৰেঃ
গৌৰীপুৰ ৰাজ পৰিয়ালত থলুৱা সংস্কৃতি জীয়াই ৰাখি পূজা পিছে ৰাজ পৰিয়ালত ক'ৰ পৰা কেনেকৈ আৰু কোনে আৰম্ভ কৰিছিল দূৰ্গাপূজা !
ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই উল্লেখ কৰা মতে, সোতৰ শতিকাৰ প্ৰথম ভাগত ৰাজ বংশৰ নৱম প্ৰজন্মৰ পূৰ্ব পুৰুষ কবি শেখৰে প্ৰতিদিনে পুৱাৰ ভাগত মহাবহু ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল । এনেতে হঠাৎ এদিন সূৰ্য উঠাৰ সময়ত আকাশলৈ প্ৰত্যক্ষ কৰাৰ তেওঁ দুটা সূৰ্য প্ৰত্যক্ষ কৰি স্তম্বিত হৈ পৰিছিল । আনহাতে ক্ষন্তেক পিছতেই এটা সূৰ্যৰ পৰা হঠাৎ এগৰাকী দেৱী ধৰালৈ নামি ব্ৰহ্মপুত্ৰৰ ওপৰেৰে খোজকাঢ়ি গৈ এটা বাঘৰ পিঠিত উঠি এটা গুহাৰ ভিতৰত প্ৰৱেশ কৰি আকৌ সেই বাটেৰে উভতি যাবলৈ ধৰে । এনেতে কবি শেখৰে পথৰ মাজতে শুই পৰিছিল । দেৱীৰ যাত্ৰা পথত বাধা প্ৰদান কৰিছিল । পিছত এটা সময়ত কবি গোৰ মাৰি উঠাই দিব বিচাৰিছিল যদিও কবি শেখৰৰ কাকতি মিনতিৰ প্ৰতি লক্ষ্য কৰি ৰাজ বংশৰ সপ্তম পুৰুষলৈকে দেৱী ৰাজ বংশৰ সৈতে থাকিব আৰু ঠিক মতে পূজা কৰা হ'লে পৰৱৰ্তী সময়ছোৱালৈকে থকাৰ প্ৰতিশ্ৰুতি দিছিল দেৱীয়ে । তেতিয়াৰ পৰাই এই ৰাজ বংশত আৰম্ভ হয় দেৱী দুৰ্গা পূজা ।
গৌৰীপুৰ ৰাজ পৰিয়ালত থলুৱা সংস্কৃতি জীয়াই ৰাখি পূজা মুঠৰ ওপৰত সমাজৰ আধুনিকতাৰ পৰা বহু আতৰত থাকি পৰম্পৰা ৰক্ষা কৰাৰ বিপৰীতে থলুৱা সংস্কৃতি জীয়াই ৰাখি যুগ যুগ ধৰি এইদৰেই পূজা অনুষ্ঠিত হৈছে ধুবুৰীৰ গৌৰীপুৰৰ ঐতিহাসিক ৰাজ পৰিয়ালে ।