অসম

assam

ETV Bharat / state

শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ; ধুবুৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ - ধুবুৰী

২৪ ঘন্টীয়া নিয়মীয়া বিদ্যুৎ যোগনাৰ দাবীত ধুবুৰীৰ অসম বংগ সীমান্তৰ ছাগলীয়াত প্ৰতিবাদ ৷ পাঁচ শতাধিক মহিলাই অৱৰোধ কৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

শক্তি বিভাগৰ বিৰোধিতাৰে ধুবুৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

By

Published : Aug 19, 2019, 4:18 PM IST

ধুবুৰী, 19 আগষ্টঃ ধুবুৰীৰ আগমনি বিদ্যুৎ উপসংমণ্ডল এলেকাত বিদ্যুতৰ লুকা ভাকুৱে জমৰ যাতনা ভোগাইছে সাধাৰণ ৰাইজক | প্ৰচণ্ড গৰমৰ দিনতো শক্তি বিভাগে বিদ্যুৎ যোগান নধৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে | বিদ্যুতৰ অভাৱত সৰু সুৰা কল কাৰখানাৰ লগতে বন্ধ ৰাখিব লগা হৈছে ইলেকট্ৰনিক দোকানবোৰ | দায়িত্বত থকা ঠিকাদাৰ হেমেন ডেকাই ঘৰে ঘৰে বিদ্যুতৰ মিটাৰ দিয়ে সামৰিছে নিজৰ দায়িত্ব | এই পৰিস্থিতিৰ বিৰোধিতাৰে সোমবাৰে ওলাই আহিল ছোটোগুমাৰ পাঁচ শতাধিক আত্মসহায়ক গোটৰ মহিলা৷

শক্তি বিভাগৰ বিৰোধিতাৰে ধুবুৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

২৪ ঘন্টাই বিদ্যুতৰ যোগান ধৰাৰ লগতে বিপিএলৰ বিদ্যুত সংযোগৰ দাবীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে | আনহাতে শক্তি বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে আত্মসহায়ক গোটৰ মহিলাসকলে | যাৰ ফলত প্ৰায় তিনি ঘন্টা ধৰি ঘাইপথত যানবাহন চলাচল বন্ধ হৈ পৰে | পিছত আগমনি চক্ৰ বিষয়া চিৰঞ্জিত দাস ঘটনাস্থলিত উপস্থিত হৈ প্ৰতিবাদকাৰীৰে আলোচনা কৰি পথটো মুকলি কৰি দিয়ে |

ABOUT THE AUTHOR

...view details