ধুবুৰী, 25 ডিচেম্বৰ : সঘনাই বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ সংবাদমেলত প্ৰশ্ন কৰাটোৱেই যেন সাংবাদিকৰ বাবে অপৰাধ হ'ল । সংবাদমেলত নেতাগৰাকীক প্ৰশ্ন কৰাৰ বাবে একাংশ সমৰ্থকে সাংবাদিকক আগভেঁটি ধৰে ৷
সত্যৰঞ্জন বৰাক প্ৰশ্ন কৰাই অপৰাধ হ'ল সাংবাদিকৰ - শিৰোনাম দখল
সঘনাই বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ সংবাদমেলত প্ৰশ্ন কৰাটোৱেই যেন সাংবাদিকৰ বাবে অপৰাধ হ'ল । সংবাদমেলত নেতাগৰাকীক প্ৰশ্ন কৰাৰ বাবে একাংশ সমৰ্থকে সাংবাদিকক আগভেঁটি ধৰে ৷
উল্লেখ্য যে, শুকুৰবাৰে ধুবুৰীৰ কালিবাৰীত সত্যৰঞ্জন বৰাই এখন সংবাদমেল আয়োজন কৰিছিল ৷ সাংবাদিকে প্ৰশ্ন কৰি থকা সময়ত বৰাৰ এজন সমৰ্থক তথা কালিবাৰী মন্দিৰ কমিটীৰ সদস্য অৰবিন্দ পালে বাধা প্ৰদান কৰে । ইয়াক লৈ সংবাদমেলৰ শেষত সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ । এনে সময়তে সমৰ্থকগৰাকীয়ে সাংবাদিকক কালিবাৰী মন্দিৰ প্ৰাংগনৰ পৰা ওলাই যাবলৈ ভাবুকি প্ৰদান কৰে । যাৰবাবে সংবাদমেলত বৰাৰ সমৰ্থকে সাংবাদিকৰ সৈতে কৰা আচৰণক লৈ সাংবাদিক সকলৰ লগতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।
লগতে পঢ়ক :কি চাহ খায় আপুনি? চেলেকা চাহ, বান বাতি চাহ নে ভোট জলকীয়া চাহ ?