ধুবুৰীত এনআৰচিক লৈ ক্ষোভ প্ৰকাশ জনগোষ্ঠীয় জাতীয় সংসদৰ - dhubri press meet nrc
ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেল ৷ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ এনআৰচিক লৈ অসন্তোষ প্ৰকাশ ৷
ধুবুৰী,1 ছেপ্তেম্বৰ: দেওবাৰে ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত আবেলি এখন সংবাদমেল অনুষ্ঠিত কৰি দেশী জনগোষ্ঠীয় একাংশ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি অভিযোগ উত্থাপন কৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সভাপতি এনামূল হকে । জাতীয় সংসদৰ সভাপতি গৰাকীয়ে অসম চুক্তিৰ ছয় নং দফা অনুসৰি দেশী মানুহখিনিক অন্তৰ্ভুক্ত কৰি ৰক্ষাকৱচ প্ৰদান কৰিব লাগে বুলিও দাবী উত্থাপন কৰে । জনগোষ্ঠীয় লোকসকলক প্ৰব্ৰজনকাৰীৰ সৈতে একাকাৰ কৰাত ক্ষোভ প্ৰকাশ কৰি পৰৱৰ্তী সময়ত আন্দোলনৰ পথ লোৱাৰ উপৰি প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও ইংগিত দিয়ে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সভাপতিগৰাকীয়ে ৷ বিভিন্ন দল সংগঠনে এনআৰচিক লৈ অসন্তোষ প্ৰকাশ কৰাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ে কি স্থিতি গ্ৰহণ কৰিব সেয়া অতি তাৎপৰ্য্যপূৰ্ণ হ’ব ৷