ধুবুৰী, 2 জুলাইঃ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত গৌৰীপুৰ আৰু বালাজান আৰক্ষীৰ বৃহৎ এম্বুজ টিম এটাই বুধবাৰে নিশা চলাইছিল অভিযান। এই অভিযানত জব্দ হয় AS-15G-4410 নম্বৰৰ এখন চাৰি চকীয়া বাহন আৰু AS-14F-5809 নম্বৰৰ এখন দুচকীয়া বাহন। লগতে বাহন দুখনত থকা পাঁচজনকৈ লোকৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে বিভিন্ন আপত্তিজনক সামগ্ৰী।
ধুবুৰী আৰক্ষীৰ সফলতাঃ এ টি এম চুৰি চক্ৰ আটক - DHUBRI POLICE RAID FIVE PERSON ARRESTED
ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা । নিশাৰ অভিযানত আৰক্ষীৰ জালত পৰিল এটিএম লুটৰ এটা বৃহৎ চক্ৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ বালাজান অঞ্চলত নিশা আৰক্ষীৰ অভিযান।
অভিযানৰ সময়ত আৰক্ষীয়ে দলটোৰ পৰা উদ্ধাৰ কৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ,অক্সিজেন চিলিণ্ডাৰ,আইৰণ কাটাৰ আৰু আইৰণ ৰডৰ লগতে এটিএম ভঙা কামত ব্যৱহাৰ হোৱা বিভিন্ন আপত্তিজনক সামগ্ৰী। এই সমূহ সামগ্ৰীৰে দলটোৱে বিভিন্ন স্থানত এটি এম লুট কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ দলটোৱে ৷
ধৃত পাঁচ যুৱকৰ ভিতৰত আছে বৰপেটাৰ চাইদুল ইছলামআৰু আমিনুল হক, কোকৰাঝাৰৰ গোসাঁইগাঁওৰ চাহজাহান আলী আৰু মুক্তাৰ হুছেইনৰ লগতে কাটিয়াহাৰৰ ৰাহুল ৰয়। সন্দেহ কৰামতে, ধুবুৰী-গৌৰীপুৰত এটিএম লুটৰ পৰিকল্পনা কৰিছিল বৃহৎ চক্ৰটোৱে। আৰক্ষীয়ে সম্প্ৰতি চক্ৰটোৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ধুবুৰীৰ গৌৰীপুৰৰ এটা এটিএমত এনে এটা বৃহৎ চক্ৰই লুটপাট চলাইছিল । ধুবুৰী আৰক্ষীৰ এই সফল অভিযানক সকলোৱে প্ৰশংসা কৰিছে ৷
লগতে চাওকঃ দীৰ্ঘতম স্থলযাত্ৰা : লণ্ডনৰ পৰা কলকাতালৈ ‘এলবাৰ্ট’ৰ ভ্ৰমণ কাহিনী