অসম

assam

ETV Bharat / state

ধুবুৰী আৰক্ষী জালত পাঁচ জুৱাৰী - ধুবুৰী আৰক্ষীৰ অভিযান

ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ চৰত বনভোজৰ নামৰ জুৱাৰ আড্ডা ৷ ধুবুৰী আৰক্ষীৰ অভিযানত নগদ ধন আৰু আপত্তিজনক সামগ্ৰী সহ পাঁচ জুৱাৰীক গ্ৰেপ্তাৰ।

dhubri police raid at picnic spot
ধুবুৰী আৰক্ষী জালত পাঁচ জুৱাৰী

By

Published : Jan 17, 2021, 9:21 PM IST

ধুবুৰী, 17 জানুৱাৰী : ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলত অভিযান চলাই পাঁচজনকৈ জুৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন সহ আপত্তিজনক সামগ্ৰী জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, নিউঘাট অয়ৰাণ জংলা অঞ্চলত নিশা একাংশ লোকে বনভোজৰ আয়োজন কৰে । ইয়াৰ পিচতে বনভোজৰ নামত বনভোজস্থলীত জুৱাৰ আড্ডা চলোৱাৰ এক গোপন তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে।

ধুবুৰী আৰক্ষী জালত পাঁচ জুৱাৰী

উক্ত গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটাই দলে বনভোজস্থলীত অতৰ্কিতে অভিযান চলাই পাঁচজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । লগতে বৃহৎ পৰিমাণৰ নগদ ধন, জুৱাৰ কাৰ্ড আদি জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰা লোক কেইজনৰ ভিতৰত আছে জাহিদুল ইছলাম( দুলাল), মহম্মদ ৰফিক, সাহা আলম, ছবদেৰ আলী আৰু মতলেব আলী ।

ইফালে, অভিযোগ অনুসৰি বাংলাদেশলৈ সৰবৰাহ হোৱা কেইবাটাও গৰু জব্দ কৰি আৰক্ষীয়ে জাহিদুল ইছলাম ওৰফে দুলালৰ তত্বৱধানত ৰাখিছিল। উক্ত জব্দকৃত পশুধন কাটি গো মাংসৰে বনভোজৰ আয়োজন কৰা হৈছিল। লগতে বনভোজৰ নামত বনভোজস্থলীত পতা হৈছিল লাখ লাখ টকাৰ অবৈধ জুৱাৰ আড্ডা ৷ ইয়াৰ সমান্তৰালভাৱে আন এক অভিযোগ অনুসৰি খোৱাৰত ৰখা জব্দকৃত গৰু সমূহৰ ভিতৰত গৰুৰ মৃত্যু হোৱা বুলি আৰক্ষীৰ চকুত ধূলি দি পুনৰ সেই গৰু বাংলাদেশলৈ চোৰাং চালান দিয়া ব্যৱস্থা কৰা কৰিছিল এই লোক কেইজনে ।

ধুবুৰী আৰক্ষী জালত পাঁচ জুৱাৰী

উল্লেখ্যে যে, ধুবুৰী সদৰ থানাৰ চহৰ উপ পৰিদৰ্শক প্ৰশান্ত দাসৰ নেতৃত্বত এটা দলে উক্ত স্থানত অভিযান চলাই পাঁচজনকৈ জুৱাৰীক আটক কৰে । উক্ত স্থানত থকা জুৱাৰী কেইটাৰ কেইবাজনো সতীৰ্থ পলাই যাবলৈ সক্ষম হয় বুলি সদৰি কৰে আৰক্ষীয়ে। ইতিমধ্যে ঘটনা সংক্ৰান্তত ধুবুৰী সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ তদন্ত অব্যাহত ৰাখিচে ধুবুৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক : আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ চূড়ান্ত ইংগিত

ABOUT THE AUTHOR

...view details