অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান
ধুবুৰী আৰক্ষীৰ অভিযানত জালত পৰিল তীৰ খেলৰ লগত জড়িত এঘাৰজনকৈ লোক ৷ ধৃত আটাইকেইজনক ধুবুৰী আদালতত হাজিৰ ৷
ধুবুৰী,4চেপ্তেম্বৰঃ ধুবুৰী আৰক্ষীৰ অভিযানত জালত পৰিল তীৰ খেলৰ লগত জড়িত এঘাৰজনকৈ লোক ৷ অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিও জিলাখনত এতিয়াও অব্যাহত আছে অবৈধ তীৰ খেল ৷ বুধবাৰে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৃথক দুটা স্থানত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক কেইজনৰ ভিতৰত তীৰ বিক্ৰেতা, কিনোতাৰ উপৰি কেইজনমান বুকিও আছে বুলি জানিব পৰা গৈছে । ধৃত আটাইকেইজনক ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় ।