ধুবুৰী, 6 আগষ্ট : স্বাধীনতা দিৱসৰ পূৰ্বে ধুবুৰীত গ্ৰেপ্তাৰ হোৱা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ দুৰ্ধৰ্ষ সদস্য আব্দুছ শুকুৰ আলীক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন এবিটিৰ আন এগৰাকী দুৰ্ধৰ্ষ সদস্য শুকুৰ আলীয়ে ধুবুৰী আৰক্ষীৰ জালত পৰা ঘটনাই সৃষ্টি কৰিছে বিশেষ চাঞ্চল্যৰ । প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত নায়েৰ আলগা হাজিপৰা অঞ্চলত শনিবাৰে পুৱাৰ ভাগত উপস্থিত হয় ধুবুৰী আৰক্ষীৰ এটা দল ।
আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ গুলবৰ খাঁ নামৰ এজন লোকৰ ঘৰৰ পৰা আব্দুছ শুকুৰ আলী নামৰ এবিটিৰ দুৰ্ধৰ্ষ সদস্য এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত এবিটিৰ সদস্যজন ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ টাকীমাৰী গাঁৱৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে । বৰ্তমানে ধৃত আব্দুছ শুকুৰ আলীৰ পৰা অধিক তথ্য উদ্ঘাটন কৰাৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী প্ৰশাসনে ।