অসম

assam

By

Published : Oct 4, 2019, 8:58 PM IST

ETV Bharat / state

আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল

মানসিক বিকাৰগ্ৰস্ত লোকসকলক সহায় কৰি ৰঘুনাথে নিজকে সুখী বুলি জানিবলৈ দিয়ে ৷ লগতে কয় যে, সেই লোক সকলৰ দুখ মই অনুভৱ কৰোঁ ৷ সেয়েহে এইবাৰ পুজাত মোৰ বা পৰিয়ালৰ বাবে কাপোৰ নিকিনি দৰমহাৰ ১০ হেজাৰ টকা সেই লোকসকলক নতুন কাপোৰ আৰু এসাজ লঘু আহাৰ খুওৱাত খৰচ কৰাৰ সিদ্ধান্ত লৈছো ৷

আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল

ধুবুৰী, 4 অক্টোবৰঃ আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল ৷ সম্প্ৰতি চৌদিশে চৰ্চা লাভ কৰিছে ধুবুৰীৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ এক প্ৰশংসনীয় পদক্ষেপে ৷ হাতত এটা কেৰিবেগ লৈ ৰাজপথত খোজ কনিষ্টবলগৰাকীৰ ৷ লগতে সহযোগ কৰিছে আন এগৰাকী আৰক্ষী জোঁৱানেও ৷ পুজা উপলক্ষে সমাজৰ সকলো স্তৰৰ ৰাইজে নিজকে নতুন সাজেৰে সজাই তুলিব বিচাৰে ৷ সেই চিন্তাৰেই বাটে-পথে থকা মানসিক বিকাৰগ্ৰস্ত সকলৰ মনৰ আশা পূৰণ কৰিবলৈ আগুৱাই আহিছে ধুবুৰীৰ এগৰাকী সাধাৰণ কনিষ্টবল ৷

আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল

ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চৰকাৰী গাড়ীচালক ৰঘুনাথ নাথে মানৱতাৰ চূড়ান্ত নিদৰ্শন দেখুৱাই এইবেলি দুৰ্গা পূজাত ধুবুৰীৰ বাটে-পথে ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত সকলকৰ মাজত বিলাই ফুৰিছে নতুন কাপোৰ ৷ তেখেতে নিজৰ ক্ষুদ্ৰ আৰ্থিক সামৰ্থেৰে হাতত লৈছে এই পদক্ষেপ ৷ মানসিক বিকাৰগ্ৰস্ত পুৰুষক নতুন ফুল চাৰ্ট আৰু মহিলাসকলক নাইটি এটা দিয়াৰ লগতে লঘু আহাৰ এসাজো খুৱাইছে ৰঘুনাথে ৷ ইতিমধ্যে প্ৰায় দহ গৰাকী তেনে লোকক নতুন কাপোৰ দিছে তেওঁ ৷ নিজৰ চৰকাৰী কৰ্তৱ্যৰ পৰা আহৰি পালেই ধুবুৰীৰ চুকে কোণে ৰাজপথত থকা মানসিক বিকাৰগ্ৰস্ত লোকৰ সন্ধানত নামি পৰাটো তেখেতৰ নিত্য-নৈমিত্যিক কাৰ্যত পৰিণত হৈছে ৷

এই মানসিক বিকাৰগ্ৰস্ত লোকসকলক সহায় কৰি ৰঘুনাথে নিজকে সুখী বুলি উল্লেখ কৰে ৷ লগতে কয় যে, সেই লোকসকলৰ দুখ মই অনুভৱ কৰোঁ ৷ সেয়েহে এইবাৰ পুজাত মোৰ বা পৰিয়ালৰ বাবে কাপোৰ নিকিনি দৰমহাৰ ১০ হেজাৰ টকাৰে সেই লোকসকলক নতুন কাপোৰ আৰু এসাজ লঘু আহাৰ খুওৱাত খৰচ কৰাৰ সিদ্ধান্ত লৈছো ৷ আগলৈ গৈ অইন হৃদয়ৱান ব্যক্তি আৰু স্বেচ্ছাসেৱী সংগঠনবোৰেও মানসিক বিকাৰগ্ৰস্ত দূৰ্ভগীয়া সেই লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিব বুলিও আশা প্ৰকাশ কৰে ধুবুৰীৰ আৰক্ষী কনিষ্টবল গৰাকীয়ে। ৷ কনিষ্টবলগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপক ধুবুৰীৰ সকলো লোকেই শলাগ লৈছে ৷

ABOUT THE AUTHOR

...view details