ধুবুৰী, 2 চেপ্তেম্বৰঃ 31 আগষ্টত প্ৰকাশ পোৱা বহু প্ৰত্যাশিত NRC ক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । সমান্তৰালভাবে হাহাকাৰৰ সৃষ্টি হৈছে অসম মেঘালয় সীমান্তৱৰ্তী দক্ষিণ শালমাৰাৰ বৃহত্তৰ অঞ্চলৰ শ শ পৰিয়ালৰ মাজত । উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বহু জীয়ৰী বিবাহসূত্ৰে দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তৰ বাসিন্দা । NRC ৰ প্ৰথম খচৰাত সেই সকল মহিলাৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ ফলত NRC কৰ্তৃপক্ষৰ নিৰ্দেশ মতে মেঘালয়ৰ চৰকাৰৰ প্ৰশাসনৰ পৰা প্ৰয়োজনীয় নথি লৈ শুনানিত অংশগ্ৰহণ কৰিছিল যদিও চূড়ান্ত তালিকাত নাম নাহিল এই সকল মহিলাৰ ।
দক্ষিণ শালমাৰাত শ শ পৰিয়ালৰ মাজত হাহাকাৰ - south salmara NRC
দক্ষিণ শালমাৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা মেঘালয়ৰ জীয়ৰী অসমৰ বোৱাৰীৰ NRC চিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আনিছুৰ ৰহমানে
দক্ষিণ শালমাৰাৰ শতাধিক মহিলাৰ নাম NRC ৰ পৰা কৰ্তন হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা আনিছুৰ ৰহমানে । দক্ষিণ শালমাৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা মেঘালয়ৰ জীয়ৰী অসমৰ বোৱাৰীৰ নাম NRC চিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় দক্ষিণ শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আনিছুৰ ৰহমানে । এই সন্দৰ্ভত মেঘালয়ৰ জীয়ৰী সকলোৰ সুবিধাৰ্থে অসম-মেঘালয় সীমান্তত এখন ন্যায়িক আদালত স্থাপন কৰাৰো দাবী জনায় ।