অসম

assam

ETV Bharat / state

মানৱ সেৱাৰ বাবে ৰাজপথত নামিল আৰক্ষী অধীক্ষকৰ পত্নী - ধুবুৰীত স্বেচ্ছাসেৱী সংস্থা পৰিকল্পনা

ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পত্নী অৰ্চনা তিৱৰীৰ পৰিচালনাত ‘পৰিকল্পনা’ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে ধুবুৰীৰ দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক সময়ে সময়ে অন্ন-বস্ত্ৰ, ঔষধ আদি বিতৰণ কৰি আহিছে ৷

As_dhb_ngo-parikalpana_vis_as10041
ধুবুৰীত মানৱ সেৱা ব্ৰতী পৰিকল্পনা

By

Published : Feb 22, 2021, 11:21 AM IST

ধুবুৰী, 22 ফেব্ৰুৱাৰী: ধুবুৰীত টিম পৰিকল্পনাৰ সমাজ সেৱা ৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পত্নী অৰ্চনা তিৱৰীৰ পৰিচালনাত ‘পৰিকল্পনা’ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে ধুবুৰীৰ দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক সময়ে সময়ে অন্ন-বস্ত্ৰ, ঔষধ আদি বিতৰণ কৰি আহিছে ৷

ধুবুৰীত মানৱ সেৱা ব্ৰতী পৰিকল্পনা

ইয়াৰ উপৰিও এই সংস্থাই জিলাখনৰ যুৱচামৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইয়াৰ মাজতেই দেওবাৰে নিশা ধুবুৰীৰ ৰে’ল ষ্টেচনৰ পৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত বৃদ্ধাক উদ্ধাৰ কৰি পৰিকল্পনাৰ সদস্য সকলে আৰক্ষীৰ সহায়ত ধুবুৰীৰ অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে ।

বৃদ্ধা গৰাকীক নিশা ধুবুৰীৰ ফলিমাৰীত অৱস্থিত ‘ছায়া হোমত’ ৰখাৰো ব্যৱস্থা কৰে টিম পৰিকল্পনাই । পৰিকল্পনাৰ এই পদক্ষেপক বিশেষভাৱে শলাগিছে ধুবুৰীৰ সচেতন ৰাইজে ৷

লগতে পঢ়ক-মাজুলীৰ মধ্য কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ হেমকান্ত গোস্বামীৰ দেহাৱসান

ABOUT THE AUTHOR

...view details