ধুবুৰী, 26 এপ্ৰিল :ধুবুৰীৰ সিন্দুৰাই অঞ্চলত মঙলবাৰে নিশা সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিৱেশ । যুৱকজনক হত্যাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে । মৃত্যু হোৱা যুৱকজন সিন্দুৰাই গাঁৱৰ আজিজুৰ ৰহমান । পেচাত গাড়ী চালক আজিজুৰ ৰহমান গাঁওখনৰ আবৰ আলীৰ পুত্ৰ ।
ঈদৰ দুদিন পূৰ্বে অৰ্থাৎ ২০ এপ্ৰিলৰ দিনা জাহাংগীৰ আলম আৰু মফিজুল নামৰ দুজন যুৱকে ঘৰৰ পৰা মাতি নিছিল আজিজুৰ ৰহমানক । মাতি নিয়াৰ কিছু সময় পিছত ঘৰৰ পিছফালে থকা মাকৈ খেতিত চিঞৰ বাখৰ শুনা পায় পৰিয়ালৰ লোকে । চিঞৰ বাখৰ অনুসৰণ কৰি পৰিয়ালৰ লোকে দৌৰী গৈ আজিজুৰ ৰহমানক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে যদিও বাকী যুৱক দুজনে পলায়ন কৰে । পৰিয়ালৰ লোকে তৎক্ষণাত আজিজুৰক উদ্ধাৰ কৰি আগমনি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ধুবুৰী DMCH আৰু DMCH কৰ্তৃপক্ষই GMCH লৈ প্ৰেৰণ কৰে (Dhubri mysterious death case ) ।
পৰিয়ালৰ লোকে সেইদিনাই আজিজুৰ ৰহমানক GMCH লৈ যায় । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পিছদিনা আগমনি থানাত এজাহাৰ দাখিল কৰে যদিও আগমনি আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত আৰম্ভ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । আৰক্ষীয়ে ঘোচ বিচৰাৰ কথাও উল্লেখ কৰে পৰিয়ালে ৷ তাৰ মাজতে GMCH ত চিকিৎসাধীন অৱস্থাতে সোমবাৰৰ নিশা ১১ বজাত আজিজুৰ ৰহমানৰ মৃত্যু হয় ।