ধুবুৰী, 26 নৱেম্বৰ :এমাহ বা দুমাহ নহয়, সুদীৰ্ঘ প্ৰায় আঢ়ৈটা বছৰে দৰমহাৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিছে ধুবুৰী পৌৰসভাৰ কৰ্মচাৰীসকল (Dhubri Municipality employees) । ধুবুৰী পৌৰসভাত কৰ্মৰত কৰ্মচাৰীসকলৰ ভিতৰত চৰকাৰীকৰণ কৰা 40 গৰাকী কৰ্মচাৰীৰ লগতে ঠিকা ভিত্তিক কৰ্মচাৰী আছে 17 গৰাকী ৷ তাৰোপৰি পৌৰসভাখনত চাফাই কৰ্মী আছে মুঠ 140 গৰাকী ।
সৰ্বমুঠ 197 গৰাকী কৰ্মচাৰীৰ ভিতৰত অধিকাংশ কৰ্মচাৰীয়ে বিগত প্ৰায় 27-28 মাহে মাহেকীয়া দৰমহাৰ পৰা বঞ্চিত হৈ আছে । আনকি দীৰ্ঘ দিনে বকেয়া দৰমহাৰ দাবীত পৌৰ কৰ্মচাৰীসকলে বিভিন্ন সময়ত বহু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে (Protest in Dhubri)৷ কিন্তু চৰকাৰে কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷
যাৰ ফলশ্ৰুতিত শুকুৰবাৰে পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী পৌৰসভাৰ কৰ্মচাৰীসকলেও ৰূপায়ন কৰে ধৰ্মঘট কাৰ্যসূচীৰ (Dhubri Municipality employees protest against Assam Govt) ৷ পুৱা প্ৰায় 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে ৰূপায়ন কৰা এই সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল’গান দি (Protest against Assam Govt) প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক :Municipality workers protest: মন্ত্ৰী যোগেন মহনৰ গৃহ চহৰত দৰমহা নাপাই পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ