ধুবুৰী, 13 নৱেম্বৰ :শুকুৰবাৰে ধুবুৰী চহৰত ১৯ লাখ টকা ভৰ্তি এটা বেগ লুটি লৈ উধাও হয় দুৰ্বৃত্ত। জানিব পৰা মতে, ধুবুৰী চহৰৰ বালুৰচৰ মছজিদত শুকুৰবাৰে নামাজৰ বাবে মছজিদত বহু সংখ্যক ৰাইজৰ আগমন ঘটে। তেনে সময়তে দক্ষিণ শালমাৰাৰ চায়েদ আলি নামৰ এজন নাৱৰীয়াই বেগৰ ভিতৰত ১৯ লাখ ৪ হাজাৰ টকা লৈ অজু কৰিবলৈ যায়। কাষতে টকাৰ বেগটো থৈ অজু কৰিবলৈ লওঁতেই পিছ ফালৰ পৰা টকাৰ বেগটো লৈ উধাও হয় অচিনাক্ত দুৰ্বৃত্তই। ইপিনে টকাখিনি লৈ যোৱাৰ পিছতেই লোকজনে চিঞৰ বাখৰ কৰে আৰু ইফাল সিফাল বিচাৰি ফুৰে যদিওঁ দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
ঘটনাৰ খবৰ পাই ধুবুৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে চি চি কেমেৰাত বন্দী হোৱা দৃশ্যৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। চি চি টিভি কেমেৰাত বন্দী হৈছে তিনি দুৰ্বৃত্তৰ টকাৰ বেগ লৈ উধাও হোৱা চাঞ্চল্যকৰ দৃশ্য।