ধুবুৰী, 2 জুনঃৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ধৰ্মশালা অঞ্চলত নিৰ্মাণ কৰা হৈছে কিছমত হাছদহ আদৰ্শ চিকিৎসালয় ৷ 5 কোটি 60 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই আদৰ্শ চিকিৎসালয়খন ৷ ইতিমধ্যে ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰাও পৰিদৰ্শন কৰা হৈছে চিকিৎসালয়খন ৷ তৎসত্বেও ৰোগীক চিকিৎসা প্ৰদানত অসমৰ্থ চিকিৎসালয়খন ৷ কাৰণ বিগত দুবছৰে শুভাৰম্ভ নহ'ল কিছমত হাছদহ আদৰ্শ চিকিৎসালয় ৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন....
বিগত দুবছৰে শুভাৰম্ভ নহ'ল কিছমত হাছদহ আদৰ্শ চিকিৎসালয় - Dhubri
ধুবুৰী অসামৰিক চিকিৎসালয়খন COVID-19ৰ ৰোগীৰ বাবে নহয় যদিও এটা সুকীয়া কোঠাত 20 জনকৈ ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে । ফলত কৰ'ণা ৰোগীৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ ৰোগীও । তেনেস্থলত সম্পূৰ্ণৰূপে সাজু কৰি ৰখা ধুবুৰীৰ এইখন আদৰ্শ চিকিৎসালয়ত সাধাৰণ ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

বিগত দুবছৰে শুভাৰম্ভ নহ'ল কিছমত হাছদহ আদৰ্শ চিকিৎসালয়
বিগত দুবছৰে শুভাৰম্ভ নহ'ল কিছমত হাছদহ আদৰ্শ চিকিৎসালয়