অসম

assam

ETV Bharat / state

ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী - ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী

উল্লেখযোগ্য যে, জিলাখনৰ দায়িত্ব লাভ কৰা NGO টোৱে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে NGO ৰ ফালৰ পৰা যদিহে ধুবুৰী জিলাত খাদ্য বিতৰণ কৰা হয় তেন্তে NGO ই বিপদৰ সমুখীন হ'ব লাগিব বুলি সকীয়নি প্ৰদান কৰে ৰন্ধনকৰ্মীসকলে ।

উত্তাল ধুবুৰী

By

Published : Nov 11, 2019, 7:46 PM IST

ধুবুৰী, 11 নৱেম্বৰ: প্ৰাপ্যৰ দাবীত সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ-হাজাৰ ৰন্ধনকৰ্মীয়ে । চি আই টি ইউ আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন জিলা সমিতিৰ সহযোগত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই চহৰখনত বিশাল প্ৰতিবাদী বাহিৰ কৰে । ধুবুৰী ৰে'ল ষ্টেচনৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে শ্ৰম আৰু কল্যাণ বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত সমবেত হৈ কাৰ্যালয়টোৰ সমুখৰ পথটো অৱৰোধ কৰি ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত উত্তাল ধুবুৰী

NGO ৰ দালাল মোডী চৰকাৰ, NGO ৰ দালাল মুখ্যমন্ত্ৰী সোণোৱাল আৰু শিক্ষামন্ত্ৰী মূর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰিলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখযোগ্য যে, জিলাখনৰ দায়িত্ব লাভ কৰা NGO টোৱে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা জিলাখনত মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে ৷ আনহাতে উক্ত NGO টোৱে যদিহে ধুবুৰী জিলাত খাদ্য বিতৰণৰ বাবে প্ৰৱেশ কৰে তেন্তে NGO ৰ বাবে পৰিণাম অতি ভয়াৱহ হ'ব বুলি সকীয়নি প্ৰদান কৰে ৰন্ধনকৰ্মীসকলে।

আৰু পঢ়ক এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰু এক কঠিন জীৱন সংগ্ৰাম !

উল্লেখযোগ্য যে, উক্ত বিক্ষোভ কাৰ্যসূচীৰ পিচত সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

ABOUT THE AUTHOR

...view details