অসম

assam

ETV Bharat / state

ধুবুৰীত মাস্ক আৰু চেনিটাইজাৰৰ ক’লা ব্যৱসায় - ধুবুৰী জিলা খাদ্য আৰু যোগান বিভাগ

কৰ’ণা সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মাস্ক আৰু চেনিটাইজাৰৰ বাবে হাহাকাৰ কৰি ফুৰিছে সৰ্ব সাধাৰণ ৰাইজ ৷ তেনে সময়তে মাস্ক আৰু চেনিটাইজাৰৰ নাটনি দেখুৱাই ধুবুৰীৰ একাংশ ফাৰ্মাচীত অধিক দামত বিক্ৰী কৰা হৈছে মাস্ক আৰু চেনিটাইজাৰ ৷

Dhubri Mask Sanitizer black market
ধুবুৰীত মাস্ক আৰু চেনিটাইজাৰৰ ক’লা ব্যৱসায়

By

Published : Mar 21, 2020, 8:35 PM IST

ধুবুৰী,21 মাৰ্চঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰি অহাৰ সময়তে ধুবুৰীত এচাম অসাধু চক্ৰই আৰম্ভ কৰিছে মাস্ক আৰু চেনিটাইজাৰৰ ক’লা বেহা ৷ কৰ’ণা সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মাস্ক আৰু চেনিটাইজাৰৰ বাবে হাহাকাৰ কৰি ফুৰিছে সৰ্ব সাধাৰণ ৰাইজ ৷ তেনে সময়তে মাস্ক আৰু চেনিটাইজাৰৰ নাটনি দেখুৱাই একাংশ ফাৰ্মাচীত অধিক দামত বিক্ৰী কৰা হৈছে মাস্ক আৰু চেনিটাইজাৰ ৷ ৰাইজৰ এই অভিযোগৰ ভিত্তিতেই ধুবুৰী আৰক্ষীক লগতলৈ ধুবুৰী জিলা খাদ্য আৰু যোগান বিভাগৰ উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীৰ নেতৃত্বত বিভাগটোৰ এটা সজাতি দলে ধুবুৰী চহৰৰ কেইবাখনো ফাৰ্মাচীত অভিযান চলায়।

ধুবুৰীত মাস্ক আৰু চেনিটাইজাৰৰ ক’লা ব্যৱসায়

উক্ত অভিযানত ধুবুৰী চহৰৰ সঞ্জীৱনী নামৰ ফাৰ্মাচী খনৰ পৰা ৩২৫ খন মাক্স আৰু ৩২ টা হেণ্ড চেনিটাইজাৰ জব্দ কৰা হয়। ইয়াৰ উপৰিও সাধাৰণ মাক্সত N-95 ৰ এটা কাগজৰ ষ্টিকাৰ লগাই ৰাইজক অধিক দামত মাস্ক যোগান ধৰি আহিছিল ফাৰ্মাচীখনে ৷ সম্প্ৰতি ফাৰ্মাচী খনৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে ৷

লগতে পঢ়ক-একাপ চাহে আপোনাক সহায় কৰিব পাৰে কৰ'ণা ভাইৰাছ প্ৰতিৰোধত

ABOUT THE AUTHOR

...view details