অসম

assam

By

Published : Feb 24, 2021, 8:11 AM IST

ETV Bharat / state

বগৰী খেতিৰেও হ’ব পাৰি স্বাৱলম্বী...

চৰকাৰী সংস্থাপনৰ আশাত হাত সাৱটি বহি নাথাকি কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰা ধুবুৰীৰ এগৰাকী ব্যক্তি ৷ কায়ুম আলী নামৰ ব্যক্তিগৰাকীয়ে এক হেক্টৰ মাটিত বগৰী খেতি কৰি বছৰি দুই লাখৰো অধিক ধন উপাৰ্জন কৰিছে ৷ দুবছৰ ধৰি কায়ুম আলীয়ে কৰি আহিছে বগৰীৰ খেতি ৷

dhubri man sets example of self reliance through farming
dhubri man sets example of self reliance through farming

ধুবুৰী,24 ফেব্ৰুৱাৰী:চৰকাৰী সংস্থাপনলৈ বাট নাচাই কৃষিকৰ্মেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ এগৰাকী ব্যক্তিয়ে ৷ 1989 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কোনো চৰকাৰী সংস্থাপন লাভ নকৰি কৃষিকে সাৰথি কৰি জীৱন যুদ্ধত আগবঢ়াৰ সিদ্ধান্ত লৈছিল দফৰপুৰ গাঁৱৰ কায়ুম আলীয়ে ৷ তেতিয়াৰ পৰাই নতুন নতুন খেতি কৰি নিজক স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালটোকো পোহপাল দিবলৈ সক্ষম হৈছে এইগৰাকী ব্যক্তি ৷

কায়ুম আলীৰ বগৰী খেতি

ইতিমধ্যে কৃষি বিভাগৰ ফালৰ পৰা কেইবাবাৰো আদৰ্শ খেতিয়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা কায়ুম আলীয়ে বৰ্তমান এক হেক্টৰ মাটিত বগৰী খেতি কৰি বছৰি দুই লাখৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ তাৰোপৰি বছৰি 500 কুইণ্টল ধানো উৎপাদন কৰে আলীয়ে ৷ কৃষক গৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁ প্ৰায় দুবছৰ ধৰি বগৰী খেতি কৰি আহিছে ৷

বগৰী খেতিৰেও হ’ব পাৰি স্বাৱলম্বী...

আদৰ্শ খেতিয়ক আলীয়ে জানিবলৈ দিয়ে যে, 1989 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কৃষিকাৰ্যত মনোনিৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেতিয়াৰে পৰা ন ন পদ্ধতিৰে বিভিন্ন খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি লৈছে খেতিয়কগৰাকীয়ে ৷ বৰ্তমান কৃষিকৰ্মৰ জৰিয়তে লাভ কৰা ধনেৰে ল'ৰা-ছোৱালীকো উচ্চ শিক্ষিত কৰি গঢ়ি তুলিছে ৷ কায়ুমে কয় যে, কোনো সংস্থাপন নোহোৱাকৈ নিবনুৱা হৈ বহি থকাতকৈ কৃষিকৰ্মত ধৰিলে যিকোনো লোকেই স্বাৱলম্বিতাৰ বাট মুকলি কৰি ল'ব পাৰিব ৷ ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব ৷

বগৰী খেতিৰে উপাৰ্জন প্ৰায় দুই লক্ষাধিক টকা

বৰ্তমানলৈকে বহুবাৰ আদৰ্শ খেতিয়কৰ সন্মান লাভ কৰাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সা-সুবিধা লাভ কৰা নাই বুলি দুখ প্ৰকাশ কৰে কায়ুম আলীয়ে ৷ চৰকাৰৰ ফালৰ পৰা সহায়-সহযোগ পালে আগবাঢ়ি যোৱাত সহায় হোৱাৰ লগতে আন দহজনৰ বাবেও উপাৰ্জনৰ পথ মুকলি কৰিব পাৰিব বুলি কায়ুমে কয় ৷

লগতে পঢ়ক:ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

ABOUT THE AUTHOR

...view details