ধুবুৰী, 30 নৱেম্বৰঃ ধুবুৰীত প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ সংবাদমেল ৷ তিতাবৰৰ পৰা সমগ্ৰ অসমজুৰি তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ তেখেত সংবাদমেলযোগে কয় যে, প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ গৃহ সমষ্টিৰ লগতে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও তেখেতৰ শেষ ইচ্ছা পূৰ্ণ হৈ নুঠিল ৷ যাৰ বাবে সমগ্ৰ অসমত তেখেতৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ বাবে কংগ্ৰেছ দলৰ হাই কামাণ্ডক দাবী উত্থাপন কৰে ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ সংখ্যালঘু নেতৃবৃন্দৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ সভাপতি ৰিপুন বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷
তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ - মহিবুল হক
তিতাবৰৰ পৰা সমগ্ৰ অসমজুৰি তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ সংখ্যালঘু নেতৃবৃন্দৰ তৰফৰ পৰা কংগ্ৰেছ সভাপতি ৰিপুন বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় ৷
তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ
আনহাতে, অনাগত দিনসমূহত কংগ্ৰেছ দলটোত তৰুণ গগৈৰ খালী ঠাই তেখেতৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে মহিবুল হকে ৷ ইয়াৰ উপৰিও কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত পৰৱৰ্তী সময়ত দলৰ হাই কামাণ্ডে চিন্তা কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ৷