অসম

assam

ভূমি বিবাদক কেন্দ্ৰ কৰি ধুবুৰীত উত্তপ্ত পৰিস্থিতি

প্ৰতিপক্ষৰ আক্ৰমণত আহত দুজন

By

Published : Mar 15, 2019, 1:55 PM IST

Published : Mar 15, 2019, 1:55 PM IST

ভূমি বিবাদক কেন্দ্ৰ কৰি ধুবুৰীত উত্তপ্ত পৰিস্থিতি

ধুবুৰী, 15 মাৰ্চঃ ধুবুৰীৰ ধৰ্মশালাত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । আঢ়ৈ বিঘা মাটিকলৈ দুটা পক্ষৰ মাজত মাৰপিটৰ সৃষ্টি । ধুবুৰীৰ ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কঁচুৱাৰ খাচ গাঁওত সংঘটিত এই দণ্ডত এটা পক্ষই মাৰপিট কৰি আহত কৰিলে দুই মাতৃ কন্যাক । দুই মাতৃ কন্যাৰ ওপৰত পথাৰৰ মাজতেই চলিল অত্যাচাৰ। জানিব পৰা মতে, মোছলেম আলীৰ প্ৰয়াত পিতৃ মেহেৰ আলীয়ে জীৱিত থকা কালত আঢ়ৈ বিঘা মাটি দান দিছিল মোচলেম আলীক। সেই সূত্ৰে সুদীৰ্ঘ বছৰে এই ডোখৰ ভূমিত খেতি কৰি আহিছিল মোচলেম আলীয়ে । কিন্তু হঠাৎ মোচলেম আলীৰ ভাতৃ জুব্বাৰ আলী আৰু তেওঁৰ বিবাহিত ভনীয়েকে মিলি ভূমি খিনি দখল কৰাৰ প্ৰয়াস কৰে । ইপিনে এই ঘটনাক লৈ কিছুদিনৰ পৰা দুই পক্ষৰ মাজত বিবাদ চলি থকাৰ লগতে আদালতত এক গোচৰৰ শুনানি হয় । আদালতে মোচলেম আলীৰ সপক্ষে ৰায় দিয়ে যদিওঁ হঠাৎ নিশাৰ ভাগত জুব্বাৰ আলী আৰু তেওঁৰ ভনীয়েকে মিলি বিতৰ্কিত ভূমিত ঘৰ নিৰ্মান কৰি দখল কৰে। ইয়াক লৈ দুই পক্ষৰ মাজত বাক বিতণ্ডা চলি থকাৰ সময়ত হঠাৎ জুব্বাৰ আলীৰ পক্ষই লাঠিৰে আক্ৰমণ কৰে মোচলেম আলীৰ পত্নী সহ কন্যাক । ইফালে মোচলেম আলীয়ে ধুবুৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলৈ যায় যদিওঁ প্ৰতিপক্ষৰ গোচৰৰ ভিত্তিত ওলোটাই মোচলেমক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে । লগতে লক্ষণীয়ভাৱে চিকিৎসালয়ৰ চিকিৎসকে আহত মাতৃ কন্যাক চিকিৎসালয়ৰ পৰা বিভিন্ন ভাবুকি দি পঠাই দিয়াৰ গুৰুতৰ অভিযোগ তোলে মোচলেমৰ পত্নীয়ে।

ভূমি বিবাদক কেন্দ্ৰ কৰি ধুবুৰীত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details