অসম

assam

ETV Bharat / state

ধুবুৰীত বন বিভাগৰ জ্ঞাতসাৰে চলিছে বালি ছিণ্ডিকেটৰাজ - Dhubri illegal sand syndicate news

ধুবুৰীৰ অয়ৰাণজংলা আৰু মতিৰচৰ অঞ্চলত দীর্ঘদিন ধৰি চলি আহিছে ব্ৰহ্মপুত্ৰৰ অবৈধ খনন ৷ ধুবুৰী বন বিভাগৰ বন বিষয়া বিজয় টি পালভি আৰু ৰেঞ্জাৰ হৰিশ নাথৰ নেতৃত্বতে এই বালি ছিণ্ডিকেট চলাৰ অভিযোগ ৰাইজৰ ৷ এই খনন কাৰ্য চলি থকা অংশৰ কাষতে প্ৰায় ৪০/৫০ টা পৰিয়াল বসবাস কৰে ৷ যাৰ বাবে অনাগত সময়ত এই লোকসকল যিকোনো মুহূৰ্ততে বান-গড়াখহনীয়াৰ দৰে ভয়ংকৰ বিপদৰ সম্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে ।

As_dhb_illegal-sand-syndicate_vis_as10041
ধুবুৰীত বন বিভাগৰ জ্ঞাতসাৰে চলিছে বালি ছিণ্ডিকেটৰাজ

By

Published : Jan 16, 2021, 10:37 PM IST

ধুবুৰী,16 জানুৱাৰী: ধুবুৰীত এতিয়া ৰক্ষকেই ধাৰণ কৰিছে ভক্ষকৰ ৰূপ ৷ স্বয়ং বন বিভাগেই নামি পৰিছে অবৈধ বালিৰ ছিণ্ডিকেটত ৷ সকলো দেখিও নিৰৱ জিলা প্ৰশাসন ৷ এই ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মাতিলেই ভয়-ভাবুকি একাংশ বালি মাফিয়াৰ ৷ উল্লেখ্য যে, ধুবুৰীৰ অয়ৰাণজংলা আৰু মতিৰচৰ অঞ্চলত দীর্ঘদিন ধৰি চলি আহিছে ব্ৰহ্মপুত্ৰৰ অবৈধ খনন ৷ ধুবুৰী বন বিভাগৰ বন বিষয়া বিজয় টি পালভি আৰু ৰেঞ্জাৰ হৰিশ নাথৰ নেতৃত্বতে এই বালি ছিণ্ডিকেট চলাৰ অভিযোগ ৰাইজৰ ৷ ধুবুৰী আৰক্ষী বিভাগে হস্তক্ষেপ কৰি এই বৃহৎ অবৈধ মাটি, বালিৰ মহলত অভিযান চলাই কেইবাখনো মাটি আৰু বালিৰ ট্ৰাক জব্দ কৰে । কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে মাটিৰ মহলৰ মালিক ক্ৰমে দীপক চৌধুৰী, ফাৰুক আহমেদ, মহিবুল আৰু জুৰান নামৰ লোককেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

বন বিষয়াৰ ভাষ্য

দীৰ্ঘদিনৰ পৰা বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি এখন চালানতে আঠৰ পৰা দহবাৰকৈ মাটি কঢ়িয়াই অনা হৈছে বুলি স্বয়ং মাটি কঢ়িওৱা ট্ৰাকৰ চালকে সাংবাদিকৰ আগত মন্তব্য কৰে । এই খনন কাৰ্য চলি থকা অংশৰ কাষতে প্ৰায় ৪০/৫০ টা পৰিয়াল বসবাস কৰে ৷ যাৰ বাবে অনাগত সময়ত এই লোকসকল যিকোনো মুহূৰ্ততে বান-গড়াখহনীয়াৰ দৰে ভয়ংকৰ বিপদৰ সম্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে ।

স্থানীয় লোকৰ ভাষ্য

পূৰ্বে বন বিভাগৰ বৃহৎ ছিণ্ডিকেটৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎকালীনভাবে ধুবুৰীৰ পৰা বদলি কৰা হৈছিল তদানীন্তন বন বিষয়া বিশ্বজিত ৰায়ক। বন বিষয়া বিশ্বজিৎ ৰায়ক বদলি কৰাৰ পিছতো এতিয়াও এই ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ধুবুৰীৰ ৰেঞ্জাৰ হৰিষ নাথে । বন বিভাগৰ এই বৃহৎ ছিণ্ডিকেটৰ ক্ষেত্ৰত ৰেঞ্জাৰ হৰিশ নাথৰ লগতে বন বিষয়া বিজয় টি পলভিয়েও মুখ্য ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ । কাৰণ বন বিষয়াগৰাকীয়ে নিজে এই অবৈধ বালি খননৰ বিষয়ে জ্ঞাত হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । আনহাতে, সংবাদ মাধ্যমৰ আগত গা এৰা মন্তব্য বন বিষয়া বিজয় টি পলভিৰ । এতিয়া প্ৰশ্ন হয় ধুবুৰীত বন বিভাগ আৰু জিলা প্ৰশাসনৰ সন্মুখতেই কিদৰে চলিছে এনে অবাধ বালিৰ ব্যৱসায় ? বন বিভাগৰ আশীষ নাথাকিলে কিদৰে প্ৰতিদিনে লাখ লাখ টকাৰ বালি এইদৰে বিক্ৰী হৈছে বিভিন্ন ঠাইত ? যাৰ ফলত চৰকাৰে প্ৰতি মাহত হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ ৷

লগতে পঢ়ক-ৰাজ্যত পুনৰ এক বিজেপি বিৰোধী মহাজোট গঠনৰ উকমুকনি !

ABOUT THE AUTHOR

...view details