অসম

assam

ETV Bharat / state

ম'হৰ গাড়ীৰে মৃতদেহ কঢ়িয়াই নিবলগীয়া অৱস্থা ধুবুৰীৰ পাণবাৰীত !

ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ পাণবাৰী অঞ্চলত উন্নয়নৰ ফোঁপোলা ছবি । মৃতদেহ কঢ়িয়াই নিয়াৰ বাবে নাই উপযুক্ত যাতায়ত ব্যৱস্থা । যাৰ ফলত ম'হৰ গাড়ীৰে সাঙী কৰি লৈ যাব লগা হ'ল মৃতদেহ ।

By

Published : May 2, 2019, 8:50 PM IST

Updated : May 2, 2019, 10:42 PM IST

ম'হৰ গাড়ীৰে মৃতদেহ কঢ়িয়াই নিবলগীয়া অৱস্থা ধুবুৰীৰ পাণবাৰীত !

ধুবুৰী,২ মেঃ ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ পাণবাৰী অঞ্চলত উন্নয়নৰ বাস্তৱ ছবি উদঙালে এক কৰুণ দৃশ্যই । অঞ্চলটোত যাতায়ত ব্যৱস্থাৰ তথৈবচ অৱস্থা। মৃতদেহ কঢ়িয়াবৰ বাবেও নাই উপযুক্ত ব্যৱস্থা। যাৰ ফলত মৃতদেহ ম'হৰ গাড়ীৰে সাঙী কৰি নিব লগা পৰিস্থিতিৰ সৃষ্টি ৷

ম'হৰ গাড়ীৰে মৃতদেহ কঢ়িয়াই নিবলগীয়া অৱস্থা ধুবুৰীৰ পাণবাৰীত !

ধুবুৰী জিলা বিলাসীপাৰা পশ্চিম সমষ্টিৰ পাণবাৰী গাওঁ পঞ্চায়তৰ দালানেৰ আলগা গাঁৱৰ পৰিস্থিতি এইয়া। গাওঁখনলৈ যোৱা মূলপথটোৰ একেবাৰে শোচনীয় অৱস্থা। একাঠু বোকা গছকি যাতায়ত কৰিব লগা হয় পাণবাৰীৰ ৰাইজে। উল্লেখ্য যে, গাঁওখনৰ শৰীফন বিবি নামৰ এগৰাকী মহিলাক বুধবাৰে চিকিৎসাৰ বাবে নিয়া হৈছিল গুৱাহাটীলৈ। কিন্তু বৃহস্পতিবাৰে গুৱাহাটী লখৰা চিকিৎসালয়ত মহিলা গৰাকীৰ মৃত্যু হোৱাৰ পিছত নিজ গৃহলৈ উভতাই অনা হয় মৃতদেহটি। কিন্তু ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গাড়ীৰে অনাৰ পিছত ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত অৱস্থিত গাঁওখনলৈ গাড়ী যোৱাৰ বাবে নাই কোনোধৰণৰ উপযুক্ত ব্যৱস্থা। যাৰ ফলত পৰিয়ালৰ লোকে ম'হৰ গাড়ীৰে এইদৰে ঘৰলৈ নিব লগা হৈছে মৃতদেহটো।

Last Updated : May 2, 2019, 10:42 PM IST

ABOUT THE AUTHOR

...view details