অসম

assam

ETV Bharat / state

চিকিৎসক নিযুক্তিৰ দাবীত উত্তাল মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় - চিকিৎসক নিযুক্তিৰ দাবীত উত্তাল মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়

২০১১ চনতে নিৰ্মাণ হোৱা এই আদৰ্শ চিকিৎসালয় খনত আৰম্ভনিৰ পৰাই নাই প্ৰয়োজনীয় চিকিৎসক ৷ বৰ্তমান চিকিৎসালয়খনত কৰ্মৰত দুজন চিকিৎসকৰ উপস্থিতিও তেনেই সেৰেঙা ৷

ধুবুৰী

By

Published : Oct 30, 2019, 10:54 PM IST

ধুবুৰী , 30 অক্টোবৰ:পৰ্যাপ্তপৰিমাণৰচিকিৎসক নিযুক্তিৰ দাৱীতধুবুৰী জিলাৰঅন্তৰ্গত মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চৌহদ উত্তাল কৰিলে মটেৰঝাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ জানিব পৰা মতে, ২০১১ চনতে নিৰ্মাণ হোৱা এই আদৰ্শ চিকিৎসালয় খনত আৰম্ভনিৰ পৰাই নাই প্ৰয়োজনীয় হিচাপত চিকিৎসক ৷ বৰ্তমান চিকিৎসালয়খনত কৰ্মৰত দুজন চিকিৎসকৰ উপস্থিতিয়ো তেনেই সেৰেঙা ৷ চিকিৎসালয়খন থকাৰ পিচতো বহু বছৰ ধৰি উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে অঞ্চলবাসী ৷

উত্তাল মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়

সেয়ে বুধবাৰে চিকিৎসালয়খনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মটেৰঝাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ সংগঠনটোৱে প্ৰায় দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে পৰ্যাপ্ত চিকিৎসক নিযুক্তি দিয়ক, স্বাস্থ্য বিভাগ হায় হায়, অসম চৰকাৰ মূৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details