অসম

assam

চিকিৎসালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ !

By

Published : Nov 7, 2019, 4:45 PM IST

দক্ষিণ শালমাৰাৰ মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীত, নৱনিৰ্মিত অসামৰিক চিকিৎসালয়ত কেইবা কোটি টকাৰে চলি থকা গৃহ নিৰ্মাণৰ কামত চলিছে বিয়াগোম দুৰ্নীতি ৷

চিকিৎসালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ!

দক্ষিণ শালমাৰা, 7 নৱেম্বৰঃ মানকাছাৰ জিলাৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত নতুনকৈ গৃহ নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ । নিম্নমানৰ কাম কৰাত ৰাইজে বন্ধ কৰিলে গৃহ নিৰ্মাণৰ কাম ।

নৱনিৰ্মিত অসামৰিক চিকিৎসালয়ত চলিছে গৃহ নিৰ্মাণত দুৰ্নীতি!

দক্ষিণ শালমাৰাৰ মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীত, নৱনিৰ্মিত অসামৰিক চিকিৎসালয়ত কেইবা কোটি টকাৰে চলি থকা গৃহ নিৰ্মাণৰ কামত চলিছে বিয়াগোম দুৰ্নীতি। কামত ব্যৱহৃত চিমেণ্ট,বালি,ইটা,ৰ'ড আদি সকলো নিম্নমানৰ হোৱাৰ লগতে প্ৰাক্কলন অবিহনে কাম কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। নিম্নমানৰ সামগ্ৰীৰে চিকিৎসালয় নিৰ্মাণৰ কাম কৰাৰ উমান পাই হাটশিঙিমাৰীৰ একাংশ সচেতন ৰাইজে নিৰ্মাণস্থলীত উপস্থিত পৰ্যবেক্ষণ কৰে আৰু বন্ধ কৰি দিয়ে নির্মাণ কাৰ্য। গৃহ নিৰ্মাণৰ কামত গুৰুতৰ অভিযোগ তুলি কাম বন্ধ কৰাৰ লগতে তদন্তৰ দাবী জনায় সচেতন ৰাইজে।

অসামৰিক চিকিৎসালয়ত গৃহ নিৰ্মাণৰ নামত চলিছে দুৰ্নীতি!

লক্ষণীয়ভাৱে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰে নতুন চিকিৎসালয় খনৰ গৃহ নিৰ্মাণত হোৱা দুৰ্নীতি আৰু নিয়মৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাব ৷

লগতে চাওকঃ বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত চকুলো !

ABOUT THE AUTHOR

...view details