ধুবুৰী,13 অক্টোবৰঃ এছিয়া মহাদেশৰ ভিতৰত সৰ্ব বৃহৎ প্ৰস্তাৱিত দলং হৈছে ধুবুৰী ফুলবাৰী দলং। যি খন দলঙকলৈ বহুল চৰ্চা চলিছে ধুবুৰী জিলাকে ধৰি সমগ্ৰ অসমত। ইতিমধ্যে দলং নিৰ্মাণৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে তীব্র প্ৰস্তুতি চলাইছে। ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব লগীয়া এছিয়াৰ সৰ্ব বৃহৎ দলং আৰু পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰিছে জিলা প্ৰশাসনে। ধুবুৰী জিলাৰ মতিৰচ আৰু আদাবাৰী পঞ্চায়তৰ মতিৰচৰ ছাগলচৰা অঞ্চলৰ প্ৰায় আঢ়ৈ শ লোকৰ পট্টাত থকা ভূমি অধিগ্ৰহণ কৰাৰ বাবে ভূমিৰ গৰাকীক লিখিত ভাবে জনোৱা হৈছে। লগতে প্ৰতি বিঘা মাটিৰ মূল্য ছয় লাখ টকালৈ নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যক লৈ অসন্তোষ্টি প্ৰকাশ ভূমিৰ গৰাকী সকলে। কাৰণ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্য বৰ্তমানৰ মাটিৰ মূল্যৰ তুলনাত যথেষ্ট কম।
ফুলবাৰী দলঙৰ বাবে ভূমি অধিগ্ৰহণক লৈ গৰাকীৰ অসন্তোষ্টি প্ৰকাশ - চৰকাৰক হস্তান্তৰ
প্ৰস্তাৱিত ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰস্তুতি তীব্ৰ গতিত চলিছে। দলং আৰু পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণ কৰাত ব্যস্ত ধুবুৰী জিলা প্ৰশাসন। কিন্তু ভূমি অধিগ্ৰহণক লৈ গৰাকীৰ অসন্তোষ্টি প্ৰকাশ। ভূমি দিবলৈ আগ্ৰহ প্ৰকাশ কৰা লোক সকলে আশ্ৰয় ল’ব আইনৰ।
উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ ফালৰ পৰা ভূমিৰ মূল্য হিচাপে ভূমিৰ গৰাকীক চেক প্ৰদান কৰিবলৈ উপস্থিত হয়গৈ যদিওঁ ৰাইজে অসন্তোষ্টি প্ৰকাশ কৰে।পূৰ্বে ভূমিৰ উচিত মুল্য দিয়াৰ বাবে বাৰম্বাৰ দাবী উত্থাপন কৰা হৈছিল যদিওঁ চৰকাৰ আৰু জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল । কিন্তু গুৰুত্বপূৰ্ণ দলংখন আৰু পথ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে বিচৰা ভূমি অৱশেষত মাটিৰ গৰাকী সকলে চৰকাৰক হস্তান্তৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে । কিন্তু চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱাত বাধ্য হৈ এতিয়া ভূমিৰ উচিত মূল্য নোপোৱা পৰ্যন্ত আইনৰ আশ্ৰয় ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিব এই সকল ভূমিৰ গৰাকীয়ে। এতিয়া চৰকাৰ তথা জিলা প্ৰশাসনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব বা ভূমিৰ গৰাকী সকলে কি ভূমিকা পালন কৰিব সেয়া হ’ব লক্ষণীয় বিষয়।