অসম

assam

ETV Bharat / state

দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তত পৰ্য্টক লৈ আতংক - coronavirus

ছুইজাৰলেণ্ডৰ দুগৰাকী দুই বিদেশী পৰ্যটক দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত উপস্থিত হোৱাৰ পিছতেই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ৷ দম্পত্তি হালক যাবতীয় পৰীক্ষা কৰি নিশা স্থানীয় হোটেল এখনত নৈশ যাপন কৰাৰ ব্যৱস্থা কৰি দিয়ে হাটশিঙিমাৰীস্থ খাৰুৱাবান্ধা আৰক্ষীয়ে ৷

ধুবুৰী
দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তত পৰ্য্টক লৈ আতংক

By

Published : Mar 17, 2020, 5:34 AM IST

ধুবুৰী, 16 মাৰ্চঃ বিশ্বত কৰ'না ভাইৰাছক লৈ আতংকময় পৰিবেশ সৃষ্টি হৈ পৰাৰ সময়তে বিদেশী পৰ্যটকৰ অহা যোৱাত নিষেধাজ্ঞা কৰা হৈছে চৰকাৰীভাবে । তেনে সময়ত ছুইজাৰলেণ্ডৰ এহাল দম্পত্তি দেওবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ছাইকেল যোগে উপস্থিত হোৱাত ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ দম্পত্তি হালক যাবতীয় পৰীক্ষা কৰি নিশা স্থানীয় হোটেল এখনত নৈশ যাপন কৰাৰ ব্যৱস্থা কৰি দিয়ে হাটশিঙিমাৰীস্থ খাৰুৱাবান্ধা আৰক্ষীয়ে । ইপিনে সোমবাৰৰ ৰাতিপুৱা ছুইজাৰলেণ্ডৰ দম্পত্তি হাল মেঘালয়ৰ তুৰা লৈ যাত্ৰা কৰাৰ সময়ত পুণৰ মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ সাহাপাৰা বি এছ এফ চেক পোষ্টত মানকাচৰৰ চিকিৎসকৰ দলে ছুইজাৰলেণ্ডৰ দম্পতি হালৰ স্বাস্থ্য পৰীক্ষা কৰে । তাৰ পিছতেই মানকাচৰৰ পাৰ্শ্বৱৰ্তী মেঘালয়ৰ তুৰা লৈ ৰাওনা হয় বিদেশী পৰ্যটক কেইগৰাকী ।

দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তত পৰ্য্টক লৈ আতংক

জানিব পৰা মতে, ছুইজাৰলেণ্ডৰ দম্পত্তি হাল বিগত ১৪ জানুৱাৰীত দিল্লীত উপস্থিত হয় আৰু 15 মাৰ্চত পশ্চিম বংগৰ ফালাকাটা হৈ ধুবুৰীত উপস্থিত হোৱাৰ পিছত দেওবাৰে মেঘালয়ৰ তুৰালৈ যোৱাৰ উদ্দেশ্যৰে হাটশিঙিমাৰীত উপস্থিত হৈছিল । অৱশ্যে পৰ্যটক দম্পত্তি হালৰ পৰীক্ষণৰ পিছত কোনো ধৰণৰ কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰা নাই চিকিৎসকে । ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি বাংলাদেশৰ পৰা অহা লোকক কৰ'ণা ভাইৰাছ পৰীক্ষাকৰণ অস্থায়ী শিবিৰত মানকাচৰৰ আৰক্ষীৰ উপস্থিতিত চিকিৎসকে নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰি আহিছে ।

দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তত পৰ্য্টক লৈ আতংক

আৰু পঢ়কঃ কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

ABOUT THE AUTHOR

...view details