ধুবুৰী, 2 জুনঃ চাৰি দিন উকলিল ধুবুৰীৰ বিলাসীপাৰাৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতা কুমাৰী গুপ্তাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ ৷ সাহ আলম নামৰ এজন ভণ্ড প্ৰেমিকে ফেচবুকত কিছুসংখ্যক আপত্তিজনক ফটো আপলোড দিয়াৰ পিছতেই টেট শিক্ষয়িত্ৰী ৰাকীয়ে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছিল ৷ এই ৰহস্যজনক আত্মহত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাহ আলমক । কিন্তু ঘটনাৰ তিনি দিন পাৰ হোৱাৰ পিছতহে মুখ খুলিছে শিক্ষয়িত্ৰীগৰাকীৰ মাতৃ মায়াৰণীয়ে ৷ আত্মহত্যাৰ আঁৰত সাহ আলমক গ্ৰেপ্তাৰৰ পিছতো সাহ আলমৰ বিষয়ে কোনো প্ৰতিক্ৰিয়া নাই মাতৃৰ । তথাপিও কন্যা মমতা কুমাৰী গুপ্তাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলিও দাবী কৰে মাতৃয়ে । মাতৃগৰাকীৰ দাবী তিনি বছৰৰ পৰা মমতাই ট্ৰেন্সফাৰৰ বাবে দাবী কৰি আহিছিল যদিও কোনো লোকে বাধা প্ৰদান কৰি আহিছিল বিভাগীয় কাৰ্যালয়ত । যাৰ বাবে ট্ৰেন্সফাৰৰ বিষয়টো লৈ চিন্তিত আছিল মমতা কুমাৰী গুপ্তা ৷
ধুবুৰীত টেট শিক্ষয়িত্ৰীৰ মৃত্যু সন্দৰ্ভত কি কয় মাতৃয়ে? - ভেৰভেৰী প্ৰাথমিক বিদ্যালয়
ধুবুৰীৰ বিলাসীপাৰাৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতা কুমাৰী গুপ্তাৰ ৰহস্যজনক ৰহস্যজনক আত্মহত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাহ আলমক । কন্যা মমতা কুমাৰী গুপ্তাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী কৰিছে শিশ্ৰীয়িত্ৰীগৰাকীৰ মাতৃগৰাকীয়ে ৷
![ধুবুৰীত টেট শিক্ষয়িত্ৰীৰ মৃত্যু সন্দৰ্ভত কি কয় মাতৃয়ে?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3449023-thumbnail-3x2-dhb.jpg)
ইপিনে ট্ৰেন্সফাৰৰ বিষয়টো লৈ মাতৃয়ে শিক্ষা বিভাগক দোষাৰোপ কৰাৰ পিছতে বিলাসীপাৰা প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনৰ মন্তব্য-মৃত্যুৰ আগ মুহূৰ্তলৈকে মমতাই ট্ৰেন্সফাৰৰ বিষয়টো লৈ কোনো আবেদন কৰা নাছিল বিভাগীয় কৰ্তৃপক্ষক । কেৱল সেয়াই নহয়, মাতৃগৰাকীয়ে পুত্ৰৰ বাবে শিৱা ল'জত অপেক্ষা কৰি থকাৰ সময়তে শনিবাৰে নিশা হঠাৎ মমতাৰ পিতৃ আহি উপস্থিত হয় ধুবুৰীত । পত্নীৰ সৈতে কোনো যোগাযোগ নকৰাকৈয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা মমতাৰ মৃতদেহ চমজি লৈ নিশাৰ ভাগতেই তিনিচুকীয়া লৈ ৰাওনা হয় মৃত শিক্ষয়িত্ৰীগৰাকীৰ পিতৃ । মাতৃয়ে কন্যাৰ মৃতদেহ সৎকাৰৰ বাবে যো-জা চলাই থকাৰ সময়তে পিতৃয়ে সংগোপনে আহি কন্যাৰ মৃতদেহ লৈ যোৱা ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত পিতৃ-মাতৃৰ মাজত সংঘাত চলি থকা বুলি জানিব পৰা গৈছে ৷