অসম

assam

ETV Bharat / state

ধুবুৰীৰ অগ্নি আৰু আপদকালীন বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন - Dhubri Fire and Emergency department news

বুধবাৰে ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ধুবুৰীৰ অগ্নি আৰু আপদকালীন বিভাগৰ নতুন ভৱনৰ শুভ উদ্বোধন ৷ ভৱনটোৰ শুভ উদ্বোধন কৰে আৰক্ষী বিশেষ শাখাৰ সঞ্চালক তথা অগ্নি আৰু আপদকালীন বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই ৷

Dhubri Fire and Emergency department new building inauguration
ধুবুৰীত মুকলি অগ্নি আৰু আপদকালীন বিভাগৰ ভৱন

By

Published : Nov 27, 2019, 9:24 PM IST

ধুবুৰী, 27 নৱেম্বৰঃ দীর্ঘদিনীয়া এক সমস্যাৰ স্থায়ী সমাধান হ’ল ধুবুৰীৰ অগ্নি আৰু অপদকালীন বিভাগৰ ৷ 1960 চনতে নিৰ্মিত ধুবুৰী অগ্নি আৰু অপদকালীন বিভাগটোৱে ইমান বছৰে ভাড়া ঘৰৰ পৰাই কাৰ্য কৰি আহিছিল ৷

বহুবছৰীয়া অপেক্ষাৰ অন্তত বুধবাৰে ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত নতুন ভৱনৰ শুভ উদ্বোধন কৰা হয় ৷ ভৱনটোৰ শুভ উদ্বোধন কৰে আৰক্ষী বিশেষ শাখাৰ সঞ্চালক তথা অগ্নি আৰু অপদকালীন বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই ৷

ধুবুৰীত মুকলি অগ্নি আৰু আপদকালীন বিভাগৰ ভৱন

লগতে পঢ়ক- নগাঁৱ অসামৰিক চিকিৎসালয়ত মুকলি ডায়েলাইচিচ কেন্দ্ৰ

উল্লেখ্য যে, ধুবুৰী চহৰৰ ভিতৰুৱা অঞ্চলত অৱস্থিত হোৱা বাবে জৰুৰীকালীন সময়ত ঠেক বাট পথৰ বাবেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল বিভাগটোৱে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী সঞ্চালক গৰাকীয়ে কয় যে, ‘সুদীৰ্ঘ বছৰে ভাড়া ঘৰত থকাৰ ফলত বিভিন্ন সময়ত দুৰ্যোগৰ সন্মুখীন হৈ আহিছিল এছডিআৰএফ বাহিনী । কিন্তু এতিয়াৰ পৰা এই সমস্যাৰ স্থায়ী সমাধান হ’ল ৷’ উক্ত ভৱন উদ্বোধনী অনুষ্ঠানত আপদকালীন বিভাগৰ সঞ্চালকগৰাকীৰ লগতে উপস্থিত থাকে ধুবুৰীৰ জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, পশ্চিম অসমৰ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা, চেভেন বিএন এনচিচিৰ কাৰ্যবাহী বিষয়া নিৰাজ বক্সীৰ লগতে আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল ৷

ABOUT THE AUTHOR

...view details