ধুবুৰী,৩ মে': অসমতো পৰিছে ফেনীৰ প্ৰভাৱ । ফেনীৰ প্ৰভাৱত অসমৰ ঠাইয়ে ঠাইয়ে মুষলধাৰ বৰষুণৰ সৃষ্টি । শুকুৰবাৰে ধুবুৰীত ফেনীৰ প্ৰভাৱৰ আশংকা কৰি ধুবুৰীত নাঁও চলাচল বন্ধ কৰি ৰাখিছে ধুবুৰী জিলা প্ৰশাসনে । ইফালে নাঁও নাপাই যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰশমন বিভাগৰ এলাৰ্ট জাৰি ! - দুৰ্যোগ প্ৰসমন বিভাগ
ধুবুৰীত ফেনীৰ প্ৰভাৱৰ আশংকা কৰি ধুবুৰী জিলা প্ৰশাসনে বন্ধ ৰাখিছে নৌ-সেৱা । ইফালে নাওঁ নাপাই যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ।
![ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰশমন বিভাগৰ এলাৰ্ট জাৰি !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3179467-thumbnail-3x2-fanii.jpg)
ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰসমন বিভাগৰ এলাৰ্ট জাৰি !
প্ৰায় ষাঠিৰ পৰা আশী কিলোমিটাৰ বেগত ফেনী অহাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত জিলা প্ৰশাসন, দুৰ্যোগ প্ৰশমন বিভাগ, এছ ডি আৰ এফ, আৰক্ষী, চি আৰ পি এফ আৰু বি এছ এফকে সকলোৱে সম্পূৰ্ণৰূপে এলাৰ্ট হৈ আছে বুলি উল্লেখ কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে ।
ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত !
লগতে তেঁও ধুবুৰীত শুকুৰবাৰে হালধীয়া আৰু শনিবাৰে গেৰুৱা এলাৰ্ট আছে বুলিও স্পষ্ট কৰি দি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ।
Last Updated : May 3, 2019, 7:45 PM IST