অসম

assam

ETV Bharat / state

ধুবুৰীৰ আবকাৰী বিভাগৰ কাৰ্যালয়ত মহিলাৰ আত্মহত্যা

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত হঠাৎ সৃষ্টি হল হাহাকাৰ। উপায়ুক্ত কাৰ্যালয়ৰ উপৰ মহলাৰ আৱকাৰী বিষয়াৰ কাৰ্যালয়ত চিপ লৈ থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।

Dhubri excise office woman suicide
ধুবুৰীৰ আবকাৰী বিভাগৰ কাৰ্য্যালয়ত মহিলাৰ আত্মহত্যা

By

Published : Aug 25, 2020, 9:06 PM IST

ধুবুৰী, 25 আগষ্টঃধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ কাৰ্যালয়টোৰ ওপৰ মহলাৰ আবকাৰী বিষয়াৰ কাৰ্যালয়ত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় অঞ্জু কুমাৰী দেৱী নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷

ধুবুৰীৰ আবকাৰী বিভাগৰ কাৰ্য্যালয়ত মহিলাৰ আত্মহত্যা

ঘটনা অনুসৰি, মঙলবাৰে পুৱা প্ৰায় চাৰে ছয় মান বজাত অঞ্জু কুমাৰী দেৱী নামৰ চাফাইকৰ্মীগৰাকী উপায়ুক্তৰ কাৰ্যালয়লৈ যায় ৷ দিনৰ প্ৰায় চাৰে দহ মান বজাত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত হয় যদিওঁ মূল দুৱাৰখন ভিতৰৰ পৰা বন্ধ থকাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হয় ৷ পৰৱৰ্তীসময়ত একাংশ কৰ্মচাৰীয়ে দুৱাৰখন খুলি ভিতৰত চিপ লৈ থকা অৱস্থাত অঞ্জু কুমাৰী দেৱীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে ৷

আনহাতে, তেখেতৰ পুত্ৰই জনোৱা অনুসৰি প্ৰতিদিনৰ দৰে মঙলবাৰেও অঞ্জু কুমাৰী দেৱীয়ে ঘৰৰ পৰা কাৰ্যালয়ৈ ৰাওনা হৈছিল ৷ এইয়া আত্মহত্যা নহৈ হত্যাকাণ্ড বুলি সন্দেহ কৰিছে তেখেতৰ পুত্ৰই ৷

লগতে পঢ়ক-প্ৰতিবাদত কপি উঠিল প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদ

ABOUT THE AUTHOR

...view details