ধুবুৰী, 1 নৱেম্বৰঃ ই টিভি ভাৰতৰ এক ইতিবাচক বাতৰিৰ প্ৰভাৱ ৷ ই টিভি ভাৰতে হাঁহি বিৰিঙালে অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ধুবুৰীৰ এজন মেধাৱী ছাত্ৰত মুখত ৷ ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ মনোৰঞ্জন ভাওঁৱাল আৰু তেঁওৰ পৰিয়ালে ভগা জুপুৰিতেই বহু কষ্টৰে সুদীৰ্ঘ বছৰে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম ৷ কাগজৰ মোনা প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰা মনোৰঞ্জন ভাওঁৱালৰ ঘৰত নাই বিদ্যুতৰ ব্যৱস্থা ৷ ইয়াৰ মাজতেই মিউনিচিপাল হাই স্কুলৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা মনোৰঞ্জন ভাওঁৱালৰ পুত্ৰ মিন্টু ভাওঁৱালে সপোন দেখিছে ভৱিষ্যতে এজন ভাল বৈজ্ঞানিক হোৱাৰ ৷ পঢ়া শুনাৰ বাবে ঘৰখনত নাই উপযুক্ত পৰিৱেশ ৷ দিনত পিতৃক মোনা প্ৰস্তুত কৰা কামত সহায় কৰি দিয়া মিন্টু ভাওঁৱালে নিশা লেম্পৰ পোহৰত পঢ়া শুনা কৰে ৷
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মিন্টুৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিল নৱ প্ৰজন্ম - dhubri etv bharat news impact
মিউনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মনোৰঞ্জন ভাওঁৱালৰ পুত্ৰ মিন্টু ভাওঁৱালে সপোন দেখিছে ভৱিষ্যতে এজন ভাল বৈজ্ঞানিক হোৱাৰ ৷ পঢ়া শুনাৰ বাবে ঘৰখনত নাই উপযুক্ত পৰিৱেশ ৷ দিনত পিতৃক মোনা প্ৰস্তুত কৰা কামত সহায় কৰি দিয়া মিন্টু ভাওঁৱালে নিশা লেম্পৰ পোহৰত পঢ়া শুনা কৰে ৷ ই টিভি ভাৰতযোগে প্ৰচাৰ হোৱা বাতৰিৰ পিছতেই ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত এই দলটোৱে মিণ্টুক বিদ্যালয়লৈ যোৱাৰ বাবে উপহাৰ দিলে এখন চাইকেল লগতে গ্ৰহণ কৰিলে মিন্টুৰ পঢ়া শুনাৰ সমগ্ৰ দায়িত্ব ৷
![ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মিন্টুৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিল নৱ প্ৰজন্ম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4930058-thumbnail-3x2-d.jpg)
পৰিয়ালটোৰ জীৱন সংগ্ৰামৰ কাহিনী ই টিভি ভাৰতযোগে প্ৰচাৰ হোৱাৰ পিছতেই মিন্টু ভাওঁৱালক সহায়ৰ বাবে আগবাঢ়ি আহিছে আস্থা নামৰ এটা সংস্থা ৷ ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত এই দলটোৱে মিণ্টুক বিদ্যালয়লৈ যোৱাৰ বাবে উপহাৰ দিলে এখন চাইকেল লগতে গ্ৰহণ কৰিলে মিন্টুৰ পঢ়া শুনাৰ সমস্ত দ্বায়িত্ব ৷
আনহাতে, আস্থা গোটৰ সভাপতি নিপন ঘোষ আৰু সম্পাদিকা দেৱলীনা ভট্টাচাৰ্যীয়ে মিণ্টুৰ পঢ়াশুনাৰ দায়িত্ব গ্ৰহণ কৰি ইটিভি ভাৰতক জনালে ধন্যবাদ ৷ লগতে ই টিভি ভাৰতৰ ইতিবাচক বাতৰিৰ প্ৰসংশা কৰে ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাই ৷ কঠোৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামৰ মাজত মিণ্টুৱে দেখা সপোন বাস্তৱলৈ ৰূপান্তৰ হওঁক ইটিভি ভাৰতৰ পৰাও তাৰেই শুভকামনা ৷