ধুবুৰী, ২২ মে': বিগত দুটা দিনৰ পৰা ধাৰাসাৰ বৰষুণ হৈ থকাৰ সময়তে ধুবুৰী চহৰৰ মেজিষ্ট্ৰেট কলনিত হুৱা-দুৱা । কথমপি ৰক্ষা পৰিল কলনিৰ বহু লোক । দৰাচলতে যোৱা দুটা দিনৰ পৰা নেৰানেপেৰা বৰষুণ আৰু বতাহ বৈ থকাৰ ফলত একপ্ৰকাৰ ব্যহত হৈ আছিল বিদ্যুৎ যোগান ।
ধুবুৰীৰ মেজিষ্ট্ৰেট কলনিত বিদ্যুৎ পৰিবাহী তাৰ খুলি পৰে ৰাজপথত - dhubri
শুকুৰবাৰে ধুবুৰী চহৰৰ মেজিষ্ট্ৰেট কলনিত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰ ছিগি পৰে ৰাজপথত । বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান ধৰা সময়তে সংঘটিত হয় এই ঘটনা । যাৰ বাবে কথমপি ৰক্ষা পৰে অঞ্চলটোৰ ৰাইজ ।

ধুবুৰীৰ মেজিষ্টেট কলনিত বিদ্যুৎ পৰিবাহী তাৰ খুলি পৰে ৰাজপথত
কিন্তু শুকুৰবাৰে বিদ্যুৎ যোগান দিয়াৰ সময়তে ধুবুৰী চহৰৰ তিনি নং ৱাৰ্ডৰ মেজিষ্ট্ৰেট কলনিত থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰ ছিগি ৰাজপথত পৰে । লগে লগে জুই জ্বলি উঠাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে যদিও লগে লগে বিদ্যুৎ যোগান বন্ধ কৰি দিয়াৰ ফলত কথমপি ৰক্ষা পৰে অঞ্চলটোৰ ৰাইজৰ ।
ইপিনে ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক আৰু অগ্নিনিৰ্বাপক বাহিনী । অৱশ্যে ঘটনাক কেন্দ্ৰ কৰি কোনো ক্ষয় ক্ষতি হোৱা নাই যদিও বিদ্যুৎ যোগান ব্যহত হৈ আছে বৃহত্তৰ মেজিষ্ট্ৰেট কলনিত ।
Last Updated : May 22, 2020, 7:43 PM IST