অসম

assam

ETV Bharat / state

ধুবুৰীত বিভাগৰ গাফিলতি, বিদ্যুতৰ খুটাৰ পৰা সৰিল কৰ্মচাৰী - চাপৰ বৈদ্যুতিক উপ সংমণ্ডল

বিদ্যুৎ সংযোগী তাঁৰৰ কাম চলি থকা অৱস্থাত বিদ্যুৎ সংযোগ কৰে কাৰ্যালয়ৰ কৰ্মচাৰীয়ে । ফলত বিদ্যুতৰ খুটাৰ পৰা সৰি পৰে কৰ্মচাৰী গৰাকী । যাৰ বাবে গুৰুতৰভাৱে আহত হয় উৰত জামাল হক নামৰ অস্থায়ী কৰ্মচাৰী গৰাকী

ধুবুৰী
ধুবুৰীত বিদ্যুৎসংযোগৰ ফলত বিদ্যুতৰ খুটাৰ পৰা সৰিল কৰ্মচাৰী

By

Published : Jan 2, 2020, 5:09 PM IST

ধুবুৰী, 2 জানুৱাৰীঃধুবুৰীৰ চাপৰ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত বিদ্যুৎস্পৃষ্ট হয় বিভাগটোৰ এজন অস্থায়ী কৰ্মচাৰী । বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়ানক ঘটনা ৷ বিদ্যুৎ সংযোগী তাঁৰৰ কাম চলি থকা অৱস্থাত বিদ্যুৎ সংযোগ কৰে কাৰ্যালয়ৰ কৰ্মচাৰীয়ে । ফলত বিদ্যুতৰ খুটাৰ পৰা সৰি পৰে কৰ্মচাৰী গৰাকী । যাৰ বাবে গুৰুতৰভাৱে আহত হয় উৰত জামাল হক নামৰ অস্থায়ী কৰ্মচাৰীগৰাকী ৷ সম্প্ৰতি কৰ্মচাৰীজনক বঙাইগাঁওৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

ধুবুৰীত বিভাগৰ গাফিলতি, বিদ্যুতৰ খুটাৰ পৰা সৰিল কৰ্মচাৰী

উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা সময়ত চাপৰ বৈদ্যুতিক উপ সংমণ্ডলৰ কন্ট্ৰল ৰূমৰ দায়িত্বত আছিল সত্যজিৎ ঠাকুৰীয়া নামৰ কৰ্মচাৰী গৰাকী । কৰ্মচাৰী গৰাকীৰ চৰম গাফিলতিৰ ফলত সম্প্ৰতি মৃত্যুৰ সৈতে যুজি আছে উৰত জামাল হক নামৰ অস্থায়ী কৰ্মচাৰী গৰাকী । এনে দায়িত্বজ্ঞানহীন কৰ্মচাৰীৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় ।

আৰু পঢ়কঃ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

ABOUT THE AUTHOR

...view details