ধুবুৰীত জাবেদ ইছলামৰ নিৰ্বাচনী ৰেলী - DHUBRI
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি 5 বজাত অন্ত পৰে ৷ ধুবুৰীত মিত্ৰজোঁট প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ এক বিশাল ৰেলী বাহিৰ কৰি নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে ধুবুৰীৰ অগপ-বিজেপি-বিপিএফৰ কৰ্মীসকলে ৷
ধুবুৰীত জাবেদ ইছলামৰ নিৰ্বাচনী ৰেলী
ধুবুৰী,21 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত ধুবুৰীৰ অগপ-বিজেপি মিত্ৰদলে এক বিশাল ৰেলী বাহিৰ কৰি সামৰণি মাৰে নিৰ্বাচনী প্ৰচাৰৰ ৷ ধুবুৰীৰ গৌৰীপুৰত বিশাল নিৰ্বাচনী সভাত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলোৱাৰ পিচতেই ধুবুৰী চহৰৰ ভিন্ন অঞ্চলত যুৱ প্ৰজন্ম সকলে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ এই ৰেলীৰ পৰাই মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে দলীয় কৰ্মীসকলে ৷