ধুবুৰী, 16 মাৰ্চঃ সম্প্ৰতি কৰ’ণা ভাইৰাছে বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে ৰাজ্য চৰকাৰে আজিৰে পৰা 29 মাৰ্চলৈকে সকলো শিক্ষানুষ্ঠানৰ লগতে ৰাজহুৱা সভা সমিতি বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ সষ্টম হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ ৷ সোমবাৰে কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷ জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাহকে ধৰি জিলাখনৰ আৰক্ষী প্ৰশাসন, শিক্ষা, স্বাস্থ্য আদি প্ৰতিটো বিভাগৰ বিষয়াসকল ৷ সভাখনৰ পিছতে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ বিপৰীতে অতিমাত্ৰা জন সমাগম কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে ৷
কৰ’ণা ভাইৰাছক লৈ সষ্টম ধুবুৰী জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ - ধুবুৰী জিলা প্ৰশাসন
সোমবাৰে কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷ জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাহকে ধৰি জিলাখনৰ আৰক্ষী প্ৰশাসন, শিক্ষা, স্বাস্থ্য আদি প্ৰতিটো বিভাগৰ বিষয়াসকল ৷

আনহাতে, ধুবুৰী জিলাত ৰেপিড ৰেস্পন্স টিম গঠন কৰাৰ বিপৰীতে অবিভক্ত ধুবুৰী জিলাখনৰ বিভিন্ন চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত বিশেষ কোঠাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লগতে কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ বাবে আশীখন বিচনা সাজু কৰি ৰখা বুলি জানিবলৈ দিয়ে ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক এছ এম ইমদাদ উল্লাই ৷ উল্লেখ্য যে, এই পৰ্যন্ত জিলাখনত কৰ’ণাত আক্ৰান্ত কোনো লোককে ধৰা পেলোৱা হোৱা নাই যদিও দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এজন লোক হাৰিয়ানাৰ পৰা ঘৰলৈ অহাৰ পিছত তেখেতৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি থকা বুলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে লোকজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ বিশেষভাবে সংৰক্ষিত কোঠাত ৰখাৰ বিপৰীতে পৰিয়ালৰ লোকক বিশেষভাবে সংৰক্ষিত কৰি ৰখা হৈছে বুলিও উল্লেখ কৰে ডাঃ এছ এম ইমদাদ উল্লাই ৷
লগতে পঢ়ক-জয়াৰ স্মৃতি বিজড়িত জয় দ'লৰ এটি অৱলোকন !