ধুবুৰী, 18 মে’:অহা ২৩ মে’ত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ধুবুৰীত। ধুবুৰী লোকসভাৰ নিৰ্বাচনী বিষয়া তথা ধুবুৰীৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয় ৷ বৈঠকৰ পিচতেই সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে। উল্লেখযোগ্য যে ধুবুৰী লোকসভাৰ ভোট গণনা ধুবুৰী,বিলাসীপাৰা,গোৱালপাৰা আৰু হাটশিঙিমাৰী অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে প্ৰতিটো কাউন্টিং হলত আন আন ব্যৱস্থাৰ লগতে সংবাদ মাধ্যমৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰীত - অনন্তলাল জ্ঞানী
২৩ মে’ ত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ধুবুৰীত ৷ এই কথা উল্লেখ কৰিছে ধুবুৰীৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ৷
ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰীত
ধুবুৰী লোকসভাৰ চাৰিটা ভোট গণনা কেন্দ্ৰৰ বাবে প্ৰায় এহেজাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷ অহা ২৩ তাৰিখে ৰাতিপুৱা ৭ বজাত ষ্ট্ৰং ৰূম খুলি প্ৰথমতে ইভিএম সমূহ ভোট গণনা কক্ষ লৈ অনাৰ পাচত 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব । ইপিনে দহটা বিধান সভা সমষ্টিৰ ভিভিপেট সমূহৰ ভোট গণনা কৰা হ’ব। প্ৰতিটো সমষ্টিৰ পাঁচটাকৈ ভিভিপেট থাকিব । আনহাতে ভোট গণনা কক্ষত সংবাদ মাধ্যমৰ লগতে কোনো বিষয়া কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাই ম’বাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত জ্ঞানীয়ে ।
Last Updated : May 18, 2019, 7:39 PM IST