ধুবুৰী,২১ মে': কাল কৰ’ণাই ক্ৰমাৎ মহামাৰীৰ ৰূপ লৈছে ধুবুৰী জিলাত । ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলাখনতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । শুকুৰবাৰে নতুনকৈ জিলাখনত সৰ্বাধিক ১৭৬ জন লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে । ইয়াকে লৈ জিলাখনত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ২,৪৩৩ জনলৈ বৃদ্ধি পায় ।
ইয়াৰে ১,২০৬ জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে এতিয়াও সক্ৰিয় হৈ আছে ১,২০৫ গৰাকীকৈ ৰোগী । আনহাতে কৰ’ণাত আক্ৰান্ত হৈ শুকুৰবাৰে পুনৰ ধুবুৰীৰ এজন ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এতিয়ালৈকে ২১ জন ৰোগীৰ মৃত্যু হৈছে জিলাখনত ।