অসম

assam

By

Published : May 12, 2021, 8:57 AM IST

Updated : May 12, 2021, 9:04 AM IST

ETV Bharat / state

ধুবুৰীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩২৭ জনলৈ বৃদ্ধি

ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰীত প্ৰতি দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈকে জিলাখনৰ ১৩২৭ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনত ধুবুৰীৰ ১৪৪ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে মহামাৰীত ।

Dhubri covid latest report
ধুবুৰীত মহামাৰীৰ সংক্ৰমণ

ধুবুৰী, ১২ মে': সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড-১৯ৰ বিভীষিকা অব্যাহত আছে । ধুবুৰী জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । ধুবুৰীত ২৪ ঘণ্টাত ১৪৪ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । ইয়াৰে সৈতে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৩২৭ জনলৈ বৃদ্ধি পাইছে ।

ধুবুৰী নাৰ্চ প্ৰশিক্ষণ কেন্দ্ৰৰ ১১ গৰাকী ছাত্ৰী আক্ৰান্ত হৈছে মহামাৰীত । এতিয়ালৈকে জিলাখনত ৪৫৭ জন লোক সুস্থ হৈ উঠিছে । আনহাতে, মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ১০ জনে । ইফালে, বৰ্তমান জিলাখনত মুঠ ৮৬০ জন সক্ৰিয় ৰোগী আছে ।

ইপিনে, ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চৌহদতে অৱস্থিত জি এন এম নাৰ্চৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ১৫ গৰাকী ছাত্ৰীৰ ভিতৰত ১১ গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই চিকিৎসালয়খনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে । জিলাখনত দিনক দিনে দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:বৰেণ্য় সাহিত্যিক হোমেন বৰগোহাঞি আৰু নাই

Last Updated : May 12, 2021, 9:04 AM IST

ABOUT THE AUTHOR

...view details