ধুবুৰী, ৮ এপ্ৰিল: দেশত পুনৰ COVID-১৯ মহামাৰীয়ে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে অসমৰো বিভিন্ন স্থানত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । পুনৰ বিগত বৰ্ষৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাক লৈ ৰাজ্যবাসী শংকিত হৈ থকাৰ সময়তে ধুবুৰীত নতুনকৈ দুজন লোক COVID-১৯ত আক্ৰান্ত হৈছে । বৃহস্পতিবাৰে ধুবুৰীত ৰেপিড টেষ্ট কৰাৰ পিছত ধুবুৰীস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান এম প্লাজাৰ স্বত্বাধিকাৰী নজৰুল ইছলামৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
ধুবুৰীত নতুনকৈ দুজন লোক COVID-১৯ত আক্ৰান্ত
ধুবুৰীত এগৰাকী বি এছ এফ জোৱানৰ লগতে আন এজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । গৌৰীপুৰ চিএইচচিত বি এছ এফ জোৱানজনৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু তেতিয়াই তেওঁ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।
ধুবুৰীত নতুনকৈ দুজন লোক COVID-১৯ত আক্ৰান্ত
বৰ্তমান লোকজনক হোম আইছ'লেছনত ৰখা হৈছে বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য বিভাগে । আনহাতে, গৌৰীপুৰ চিএইচচিত অভিলাশ পাণ্ডে নামৰ এগৰাকী বি এছ এফ জোৱানৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু তেতিয়াই তেওঁ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । পানবাৰী বি এছ এফৰ ছেক্টৰ মুখ্য কাৰ্যালয়ত নিয়োজিত হৈ আছে বি এছ এফ জোৱানজন । সম্প্ৰতি বি এছ এফ জোৱানজনক হোম আইছ'লেছনত ৰখা হৈছে ।
লগতে পঢ়ক:বঙাইগাঁৱত বন বিভাগৰ অভিযান