অসম

assam

ETV Bharat / state

কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা ধুবুৰীৰ আৱৰ্ত ভৱন

ধুবুৰীস্থিত আৱৰ্ত ভৱনক ইতিমধ্যে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ ভৱনটোত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বাহিৰা লোকৰ । লগতে ভৱনটোত কৰ্মৰত তেৰ গৰাকী কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

By

Published : Jun 28, 2020, 4:11 PM IST

Dhubri Circuit house declared as containment zone assam etv bharat news
কণ্টেইনমেণ্ট জ’ন ধুবুৰীৰ আৱৰ্ত ভৱন

ধুবুৰী,28 জুন:ধুবুৰীত অস্বাভাৱিকভাৱে বৃদ্ধি পাব ধৰিছে কৰ’ণা ৰোগীৰ সংখ্য়া ৷ ইতিমধ্যে জিলাখনত 397 জনলৈ বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা । এনে সময়তে বঙাইগাঁৱৰ অভয়াপুৰীৰ এগৰাকী অষ্টম এপিবিএনৰ কমাণ্ডেণ্ট এগৰাকীৰ দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাৰ খবৰে আতংকৰ সৃষ্টি কৰিছে ধুবুৰীত । আক্ৰান্ত জোৱানগৰাকী ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্তব্যত নিয়োজিত হৈ থকাৰ লগতে ধুবুৰীৰ আৱৰ্ত ভৱনৰ এটা কোঠাত অস্থায়ীভাৱে বাস কৰি কৰ্তব্য পালন কৰি আছিল ৷

কণ্টেইনমেণ্ট জ’ন ধুবুৰীৰ আৱৰ্ত ভৱন

শনিবাৰে এই খবৰ লাভৰ পিছতে তৎপৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন ৷ ইতিমধ্যে আৱৰ্ত ভৱনটো চেনিটাইজ কৰাৰ লগতে কৰ্মৰত 13 গৰাকী কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যিয়ে আক্ৰান্ত জোৱানগৰাকীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল ৷ জিলা অতিৰিক্ত উপায়ুক্ত অংকুৰ ভৰালীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ত স্বাৱ পৰীক্ষাৰ বাবে নমুনা জমা দিয়ে ৷ উক্ত স্বাৱ পৰীক্ষাৰ পিছতে আটাইকেইজনক আৱৰ্ত ভৱনটোত সাত দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ’ব ৷

লগতে চাওকঃকোভিড আৰোগ্য কেন্দ্ৰলৈ সহায় প্ৰদান ভাৰতীয় ৰে'লৰ

ABOUT THE AUTHOR

...view details