70 বছৰীয়া বৃদ্ধাক অখ্যাত সংগঠনৰ ধন দাবী
ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিকুৰা গাঁৱত 70 বছৰীয়া বৃদ্ধাক অখ্যাত সংগঠনৰ 25 লাখ টকাৰ ধন দাবী ৷
ধুবুৰী, 1 আগষ্টঃ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিকুৰা গাঁৱত কৃষি কৰ্মৰ জৰিয়তে কোনোমতে পৰিয়াল পোহপাল দিয়া ছলেমান আলী নামৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাক 'Indian National Party'নামৰ এটা অখ্যাত সংগঠনে ধন দাবী কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা সংগঠনটোৱে ব্যক্তিজনৰ ঘৰত 25 লাখ টকাৰ এখন ধন দাবী পত্ৰ দি থৈ যায় ৷ পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে অহা 7 আগষ্টত নিশা 10 বজাত বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত টুনীয়া দলঙৰ কাষত ধন আদায় দিবলৈ ছলেমান আলীক নিৰ্দেশ দিয়ে ৷ কিন্তু সাহসী ছলেমান আলীয়ে বৃহস্পতিবাৰে সংগঠনটোৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰে ৷ এতিয়া এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনে সংগঠনটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷