পূৱ বিলাসীপাৰা,১৪ নৱেম্বৰ: ধুবুৰীত বৃহস্পতিবাৰে একাংশ ইটা ভাটাৰ বিৰুদ্ধে চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান৷ জিলাখনৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ ইটা ভাটাই দীৰ্ঘ দিনৰ পৰা দখল কৰি আহিছিল চৰকাৰী ভূমি ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত চৰকাৰী ভূমি ব্যৱহাৰ কৰি একাংশ উদ্যোগপতিয়ে ইটা ভাটা খোলাৰ পিচত বৃহস্পতিবাৰে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ অভিযান চলিল দুটা ইটা ভাটাৰ বিৰোদ্ধে ৷
ইটা ভাটাৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান - বিলাসীপাৰা মহকুমা
চাপৰত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ অবৈধভাৱে চৰকাৰী মাটি দখল কৰি স্থাপন কৰা ইটাভাটাৰ বিৰুদ্ধে অভিযান বৃহস্পতিবাৰে ৷ উচ্ছেদৰ সময়ত দুই লক্ষাধিক টকাৰ কেঁচা ইটা নষ্ট কৰি পেলায় প্ৰশাসনে ৷

ইটা ভাটাৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান
ইটা ভাটাৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান