অসম

assam

By

Published : Jul 4, 2020, 11:22 AM IST

ETV Bharat / state

ধুবুৰীত চোৰাং গৰুসহ তিনিজন চোৰাং বেপাৰী আটক

শুকুৰবাৰে নিশা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পোকালাগি দ্বিতীয় খণ্ড গাঁৱত ধুবুৰী আৰক্ষীৰ অভিযান । অভিযানত বৃহৎ পৰিমাণৰ চোৰাং গৰুসহ তিনিজন চোৰাং বেপাৰীক আটক।

ধুবুৰীত চোৰাং গৰুসহ তিনিজন চোৰাং বেপাৰী আটক
ধুবুৰীত চোৰাং গৰুসহ তিনিজন চোৰাং বেপাৰী আটক

ধুবুৰী, 4 জুলাইঃলক ডাউনৰ সময়ছোৱাত বাংলাদেশলৈ গৰুৰ চোৰাং চালান বন্ধ হৈছিল যদিও পুনৰ সক্ৰিয় হৈছে চোৰাং বেপাৰীৰ চোৰাং কাৰবাৰ । এনে এক গোপন তথ্যৰ ভিত্তিত নিশা ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম-বংগ সীমান্তৰ ছাগলীয়া আৰক্ষী চকীৰ এটা দলে গোলকগঞ্জৰ পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ জিয়াদুল আলী নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই বাংলাদেশলৈ চোৰাংকৈ পঠিওৱাৰ বাবে সাজু কৰা ৫২ টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷

বাংলাদেশলৈ পঠিয়াবলৈ সাজু কৰা ৫২ টা গৰু জব্দ

অৱশ্যে আৰক্ষী অহাৰ উমান পাই গৰুৰ চোৰাং বেপাৰীগৰাকী এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। ইপিনে চোৰাং বেপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে। নিশা ৰাজপথত নাকা চেকিং বহুৱাই তালাচী অভিযান আৰম্ভ কৰে আৰক্ষীয়ে। অভিযানত AS-17F-9783 নম্বৰৰ এখন মাৰুতি বাহনত তালাচী চলাওতেই আটক হয় তিনিজনকৈ চোৰাং গৰু বেপাৰী। ধৃত আলতাপ হুছেইন,হাফিজ খানআৰু আমিনুল ইছলামৰ জিম্মাৰ পৰা নগদ ১ লাখ ৫০ হাজাৰ টকা জব্দ কৰাৰ বিপৰীতে মাৰুতি বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ।

ধৃত লোককেইজনৰ পৰা নগদ ১ লাখ ৫০ হাজাৰ টকা জব্দ
আটকাধীন তিনি চোৰাং বেপাৰীৰ পৰা চোৰাং কাৰবাৰৰ অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।লগতে চাওকঃ টিংখাঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোভিড আক্ৰান্ত চিনাক্ত

ABOUT THE AUTHOR

...view details