ধুবুৰী, 16 মাৰ্চ: ধুবুৰীৰ বালাজানত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । স্বামীয়ে স্ত্রীক হত্যা কৰি ৰচিৰে ওলোমাই ৰাখিলে ঘৰৰ চোতালত ।
সোমবাৰে নিশা নুৰজামাল শিকাৰীয়ে মাৰপিট কৰিছিল স্ত্রী আনোৱাৰা বিবিক । তীৰ, জুৱা, মদ, নিচাজাতীয় অবৈধ কামত লিপ্ত আছিল হত্যাকাৰী স্বামী । ৮ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো । এতিয়া মাতৃক বিচাৰি কান্দোনত ভাগি পৰিছে ফুলকুমলীয়া দুই সন্তান ।