ধুবুৰী,20 জুলাইঃ ধুবুৰী আৰক্ষীৰ 56 ঘন্টীয়া এক সফল অভিযানত আৰক্ষীৰ জালত পৰিল বুধবাৰে নিশা পলায়ন কৰা এজন কাৰাবন্দী ৷ বিগত প্ৰায় দহ মাহে জেল হাজোতত আছিল ধুবুৰীৰ মতিৰ চৰ অঞ্চলৰ হাফিজুৰ ৰহমান নামৰ আচামীটো। বান পানীৰ সুযোগ লৈ পলায়ন কৰা আচামীটোক শনিবাৰে পুৱা ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
আৰক্ষীৰ জালত পৰিল ধুবুৰী অস্থায়ী জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দী - ফকিৰগঞ্জ আৰক্ষী
ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অস্থায়ী জিলা কাৰাগাৰৰ পৰা বুধবাৰে নিশা পলায়ন কৰা কাৰাবন্দী হাফিজুৰ ৰহমানক অৱশেষত ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে

আৰক্ষীৰ জালত পৰিল ধুবুৰী অস্থায়ী জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দী
ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত নাও লৈ আৰক্ষীয়ে চলাইছিল অভিযান। ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাৰ নেতৃত্বত জলেশ্বৰ আৰক্ষীৰ সহযোগত চলা এই অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰে হাফিজুৰ ৰহমানক ৷