অসম

assam

ETV Bharat / state

মৎস্য পালনেৰে স্বাৱলম্বী ধুবুৰীৰ মজমুল হক

ফকিৰগঞ্জৰ শিমূলচালা গাঁওৰ এজন শিক্ষিত যুৱক মজমুল হক এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷ মৎস্য পালনেৰে বছৰি প্ৰায় 3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মজমুলে ৷

FISH FARMING
মৎস পালনেৰে স্বাৱলম্বী ধুবুৰীৰ মজমুল হক

By

Published : Nov 28, 2020, 11:00 PM IST

ধুবুৰী,28 নৱেম্বৰঃ মৎস্য পালনেৰে স্বাৱলম্বী ধুবুৰীৰ ফকিৰগঞ্জৰ এজন যুৱক ৷ ফকিৰগঞ্জৰ শিমূলচালা গাঁওৰ এজন শিক্ষিত যুৱক মজমুল হক এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷ যি সময়ত শিক্ষিত নিবনুৱাই এটা কৰ্ম সংস্হাপন বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে সেই সময়তে মৎস্য উৎপাদনেৰে বছৰি প্ৰায় 3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মজমুলে ৷ যদিও এইক্ষেত্ৰত আজি পৰ্যন্ত কোনো চৰকাৰী সা-সুবিধা লাভ কৰা নাই মজমুলে ৷

মৎস পালনেৰে স্বাৱলম্বী ধুবুৰীৰ মজমুল হক

চৰকাৰে সকলো সময়তে শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক চৰকাৰী বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে । সেয়েহে অতি শীঘ্ৰে সকলো নিবনুৱা যুৱক যুৱতীক নিজে স্বাৱলম্বী হ’ব পৰাকৈ সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় মজমুলে।

লগতে পঢ়কঃনলবাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ABOUT THE AUTHOR

...view details