ধুবুৰী, 31 মে’: শিল, বালি আৰু ব্ৰইলাৰ ছিণ্ডিকেটৰ লগতে একাধিক ছিণ্ডিকেটৰ বাবে দুৱাৰমুখ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰত বাংলা সীমান্ত আৰু অসম বংগ সীমান্তৱৰ্তী ধুবুৰী জিলা । বিভিন্ন সময়ত একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেই অভিযোগ যেন ক্ৰমাৎ সত্য প্ৰমাণ হবলৈ ধৰিছে । তেনে অভিযোগৰ ভিত্তিত সোমবাৰে গ্ৰেপ্তাৰ হ’ল ধুবুৰী সীমান্ত উপ আৰক্ষী অধীক্ষক যতীন দাস ।
এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ নিৰ্দেশত আটক কৰা হয় ছিণ্ডিকেটৰ সৈতে জড়িত ৰফিকুল প্ৰামাণিক নামৰ এজন যুৱকক । তেওঁৰ ঘৰত অভিযান চলাই ৪.২১ লাখ টকা উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধুবুৰী জিলা (সীমান্ত) উপ আৰক্ষী অধীক্ষক যতীন দাসক ।