অসম

assam

ETV Bharat / state

টেবলেট আৰু ইঞ্জেকচন ব্যৱহাৰেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ ! - dhubri artist attempts to set a record by making durga idol

টেবলেট আৰু ইঞ্জেকচনেৰে ধুবুৰীত দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ ৷ ত্ৰিশ হাজাৰৰো অধিক টেবলেট আৰু ইঞ্জেকচনেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণৰ জড়িয়তে ৰেকৰ্ড গঢ়াৰ প্ৰয়াস ৷ পেচাত দুৰ্যোগ প্ৰশমন বিভাগৰ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ এই ব্যতিক্ৰমী প্ৰয়াস ৷

টেবলেট আৰু ইঞ্জেকচনেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ
টেবলেট আৰু ইঞ্জেকচনেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ

By

Published : Oct 21, 2020, 9:46 PM IST

ধুবুৰী, 21 অক্টোবৰ:ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে সকলোৰে মাজত দুৰ্গা পূজাক লৈ উৎকন্ঠাই বিৰাজ কৰি থকাৰ সময়তে ম্যাদ উকলা টেবলেট আৰু ইঞ্জেকচনেৰে দেৱী দুৰ্গাৰ প্ৰতিমা সাজি উলিয়াইছে ধুবুৰীৰ এগৰাকী শিল্পীয়ে ৷ পেচাত দুৰ্যোগ প্ৰশমন বিভাগৰ এগৰাকী কৰ্মচাৰী সঞ্জীৱ বসাকে এই প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে ৷ বিগত সময়ত বিভিন্ন পেলনীয়া সামগ্ৰীৰে ইতিবাচক চিন্তাধাৰাৰে বিভিন্ন ধৰণৰ প্ৰতিমা নিৰ্মাণ কৰি অহা বসাকে এইবাৰ ৰেকৰ্ড গঢ়াৰ লক্ষ্য আগত ৰাখি ত্ৰিশ হাজাৰৰো অধিক মূল্যৰ টেবলেটৰ লগতে ইঞ্জেকচনেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে ৷

ত্ৰিশ হাজাৰৰো অধিক টেবলেট আৰু ইঞ্জেকচনেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ

উল্লেখ্য যে পেচাত এগৰাকী চৰকাৰী কৰ্মচাৰী হ'লেও প্ৰতিবছৰেই নিজ দায়িত্ব পালন কৰাৰ উপৰিও একোটাকৈ ৰেকৰ্ড গঢ়ি অহাত সক্ষম হৈছে সঞ্জীৱ বসাক ৷ আজৰি সময়ত প্ৰায়েই শিল্প কৰ্মত জড়িত হৈ পৰে ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা সঞ্জীৱ বসাক ৷ এগৰাকী চিত্ৰ শিল্পী হিচাপে পৰিচিত সঞ্জীৱ বসাকে বিগত সময়ত পেলনীয়া প্লাষ্টিকৰ বটলেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাৰ উপৰিও বিদ্যুতৰ পেলনীয়া তাঁৰ আৰু দিয়াচলাইৰ কাঠিৰে প্ৰতিমা নিৰ্মাণ কৰি ৰেকৰ্ড গঢ়াত সক্ষম হৈছে ৷ বসাকে জানিবলৈ দিয়া মতে তেওঁ ইতিমধ্যে আছাম বুক অফ ৰেকৰ্ডছ , ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আদিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷

অৱশ্যে বিগত বৰ্ষ সমূহত তেওঁৰ ব্যতিক্ৰমী প্ৰতিমা সমূহে বিভিন্ন পূজা মণ্ডপ সমূহত প্ৰদৰ্শনীৰ বাবে স্থান লাভ কৰি আহিছে যদিও এইবাৰ ক'ৰণা অতিমাৰীৰ আতংকৰ বাবে কোনো পূজা মণ্ডপতেই এই প্ৰতিমাৰ প্ৰদৰ্শনীৰ বাবে জিনা প্ৰশাসনে অনুমতি প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:শাৰদীয় দুৰ্গোৎসৱ:নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ

ABOUT THE AUTHOR

...view details