ধুবুৰী, 4 নৱেম্বৰ :ক'ভিড মহামাৰীৰ সময়ত ধুবুৰীৰ অল ইণ্ডিয়া ইডুকেশ্বন এণ্ড চচিয়েল চার্ভিছ নামৰ এটা ন্যাসৰ প্ৰশংসনীয় পদক্ষেপ । কৰ্মহীন হৈ পৰা নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা অল ইণ্ডিয়া ইডুকেশ্বন এণ্ড চচিয়েল চার্ভিছ নামৰ ন্যাসটোৰ ।
সম্বৰ্ধনা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী উল্লেখ্য যে, ক'ভিড মহামাৰীৰ ফলত দেশজুৰি বলবৎ হােৱা লক ডাউনৰ বাবে বহিঃৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত শ শ নিবনুৱা ঘৰলৈ উভতি আহিবলগীয়া হৈছিল । কিন্তু তেনে সময়তে নতুনকৈ জন্ম হােৱা অল ইণ্ডিয়া ইডুকেশ্বন এণ্ড চচিয়েল চার্ভিছ নামৰ ন্যাসটোৱে নিবনুৱা সকলৰ বাবে আনিছে সু-খবৰ । কিয়নো ন্যাসটোৰ ফালৰ পৰা নিয়ােগ কৰা হৈছে শ শ স্বেচ্ছাসেৱী । যিসকল স্বেচ্ছাসেৱীয়ে আপােনাৰ ঘৰত লৰা-ছােৱালীৰ লিখা পঢ়াৰ লগতে স্বাস্থ্যৰ খবৰ ৰাখিব ।
সম্বৰ্ধনা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী লগতে পঢ়ক :মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্যে তিতাবৰত চাৰি সংগঠনৰ প্ৰতিবাদ
লগতে, ন্যাসটোৰ ফালৰ পৰা হিতাধিকাৰী সকলক দিয়া হ'ব এখনকৈ জীৱন ৰক্ষা কার্ড নামৰ এখন স্মাৰ্ট কাৰ্ড । যিখন কাৰ্ডৰ জৰিয়তে কার্ডপ্রাপ্ত হিতাধিকাৰীয়ে নির্দিষ্ট চিকিৎসালয়ৰ পৰা পাব বিশেষ সুবিধা । তাৰােপৰি নির্দিষ্ট ফাৰ্মাচী সমূহৰ পৰা ঔষধ ক্ৰয়ৰ ক্ষেত্ৰত ৰেহাই হিচাপে পাব এক বিশেষ সুবিধা । লগতে, স্বাস্থ্যৰ যিকোনাে ৰােগৰ তেজ পৰীক্ষা আদি কৰি যিকোনাে পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব ।
সম্বৰ্ধনা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী আনহাতে, উচ্চ শিক্ষাৰ বাবে আগ্রহী ছাত্র-ছাত্রী সকলৰ বাবেও বিভিন্ন সুবিধা লাভ কৰিব এই ট্রাষ্টৰ ফালৰ পৰা । বুধবাৰে ট্রাষ্টৰ ফালৰ পৰা ধুবুৰীৰ যোগময়া আশ্ৰমত এখন সম্বৰ্ধনা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ট্ৰাষ্টৰ অধ্যক্ষ ওমৰ ফাৰুক আৰু পৰিচালন সঞ্চালক নুৰ ই ইলাহিৰ উপস্থিতিত নিয়োগ লাভ কৰা প্ৰায় শতাধিক স্বেচ্ছাসেৱী উপস্থিত থাকে । বৰ্তমানলৈ প্ৰায় শতাধিক স্বেচ্ছাসেৱী নিয়োগ কৰাৰ বিপৰীতে আগলৈ সমগ্ৰ ৰাজ্যজুৰি স্বেচ্ছাসেৱী নিয়োগ কৰিব বুলি উল্লেখ কৰে ট্ৰাষ্টৰ অধ্যক্ষ ওমৰ ফাৰুকে ।
লগতে পঢ়ক :আৰক্ষীৰ গুলিত নিহত প্ৰশান্ত বৰাৰ পৰিয়ালে পোৱা নাই ক্ষতিপূৰণ